Local, Vocal, Global

Conference on Traditional Medicine: ভাৰতৰ উদ্যোগত পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় ভাৰত-আছিয়ান সন্মিলনৰ আয়োজন

নতুন দিল্লী, ১৩ জুলাই ২০২৩: কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, আছিয়ানৰ ক্ষেত্ৰত ভাৰতীয় মিছন আৰু আছিয়ান সচিবালয়ৰ সহযোগত অহা ২০ জুলাই ২০২৩ তাৰিখে ভাৰত-আছিয়ান দেশসমূহৰ বাবে পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় সন্মিলনৰ আয়োজন কৰিছে আৰু ইয়াৰ বাবে প্ৰস্তুতি পূৰ্ণোদ্যমে অব্যাহত ৰাখিছে (Conference on Traditional Medicine to be held on July) ।

বৃহস্পতিবাৰে অনুষ্ঠানটোৰ সন্দৰ্ভত সম্যক ধাৰণা প্ৰদানৰ বাবে আৰু কথোপকথন কৰাৰ উদ্দেশ্যে নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union Minister for Ayush and Ports Shipping and Waterways Sarbananda Sonowal) । তেখেতে সংবাদ মেলত কয়, “ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত বহুমাত্ৰিক সম্পৰ্ক ইয়াৰ ভৌগোলিক, ঐতিহাসিক আৰু সভ্যতা-সংস্কৃতিৰ সম্পৰ্কৰ এক শক্তিশালী ভেটিত থিয় হৈ আছে যি দুই সহস্ৰাব্দতকৈও অধিক পুৰণি ।”

তেখেতে কয়, “২০১৪ চনৰ নৱেম্বৰত ম্যানমাৰত অনুষ্ঠিত দ্বাদশ আছিয়ান ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক্ট ইষ্ট পলিচী'(Prime Minister Narendra Modi on Act East Policy)ৰ প্ৰসংগ উল্লেখ কৰি ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজৰ পাৰস্পৰিক তথা কৌশলগত সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিছিল । প্ৰায় এক দশকৰ পাছত অনুষ্ঠিত হ’বলগীয়া পৰম্পৰাগত ঔষধ সম্পৰ্কীয় ভাৰত আছিয়ান সন্মিলনখন হৈছে আছিয়ান দেশবোৰৰ সৈতে ভাৰতৰ পাৰস্পৰিক সম্পৰ্ক আৰু সহযোগিতা (Indias mutual relations and cooperation with ASEAN countries) সুদৃঢ় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সন্মিলনখনৰ লক্ষ্য হৈছে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত সৰ্বশ্ৰেষ্ঠ পৰম্পৰাগত ঔষধ পদ্ধতিসমূহৰ আদান-প্ৰদান কৰাৰ বাবে উমৈহতীয়া মঞ্চ শক্তিশালী কৰা আৰু পাৰস্পৰিক সহযোগিতাৰ বাবে ৰ’ডমেপ প্ৰস্তুত কৰা।”

আনহাতে, মন্ত্ৰালয়ৰ সাফল্য সম্পৰ্কে বিৱৰণ প্ৰদান কৰি তেওঁ লগতে কয়, “২০১৪ চনৰ পৰা যোৱা ৯ বছৰত আয়ুষ খণ্ডৰ বিস্তৃতি বহুগুণে বৃদ্ধি পাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত থকা আয়ুষ বিভাগক এক স্বতন্ত্ৰ মন্ত্ৰালয়লৈ উন্নীত কৰি দেশৰ পৰম্পৰাগত চিকিৎসা তথা ঔষধ ব্যৱস্থা (Indias traditional medicine and medicine system)ক গতিশীলতা প্ৰদান কৰিছিল । তেতিয়াৰ পৰাই মন্ত্ৰালয়টোৰ অধীনত পৰম্পৰাগত ঔষধ প্ৰণালীয়ে কেৱল ভাৰততে নহয়, বিশ্বজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । আমাৰ মন্ত্ৰালয়ে ইউকে, আমেৰিকা, জাপান, ব্ৰাজিল, জাৰ্মানীৰ বহুতো শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগতে চিএছআইআৰ, ডিএছটি, ডিবিটি, আইআইটি আদিৰ দৰে ৰাষ্ট্ৰীয় সংস্থা তথা প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ ডায়েবেটিছ মেলিটাছ, কৰ্কট ৰোগ, মানসিক স্বাস্থ্য আদিৰ লগতে ক’ভিডৰ দৰে ৰোগৰ উপৰি বিভিন্ন অসংক্ৰামক ৰোগৰ ক্ষেত্ৰত আয়ুষ চিকিৎসা সম্বন্ধীয় উচ্চ মানৰ গৱেষণাত মনোনিৱেশ কৰিছে । শেহতীয়াকৈ ভাৰতীয় আয়ুষ সামগ্ৰীৰ চাহিদা সমগ্ৰ বিশ্বতে পূৰ্বৰ তুলনাত কেইবাগুণো বৃদ্ধি পাইছে। আয়ুষ মন্ত্ৰালয়ৰদ্বাৰা ৰূপায়িত হোৱা বিভিন্ন প্ৰকল্প তথা গৱেষণাৰ সুফল ভাগ-বাটোৱাৰা কৰাৰ বাবে আগন্তুক ভাৰত-আছিয়ান সন্মিলনে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰিব । একেদৰে, আছিয়ান দেশসমূহেও তেওঁলোকৰ অভিজ্ঞতাৰ আদান-প্ৰদান কৰিব । ইয়াৰ জৰিয়তে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত উক্ত খণ্ডত নতুন পাৰস্পৰিক সম্পৰ্ক আৰু উমৈহতীয়া কাম-কাজৰ পথ ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে ।”

সন্মিলনৰ সন্দৰ্ভত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, “পৰম্পৰাগত ঔষধৰ প্ৰসাৰৰ বাবে আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহত নীতি-নিয়ম কেন্দ্ৰিক পৰিকাঠামোৰ শেহতীয়া স্থিতিসমূহৰ বিষয়ে জনা-বুজাতো সন্মিলনখনে এক সৌহাৰ্দপূৰ্ণ মঞ্চ প্ৰদান কৰিব।”

আয়ুষ মন্ত্ৰালয়ে ইতিমধ্যে আয়ুষ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানি বৃদ্ধিৰ বাবে শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ় দিছে আৰু লগতে পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি, বিদেশৰ বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানত আয়ুষ আসন স্থাপন আৰু বিভিন্ন স্তৰত সহযোগিতামূলক গৱেষণা কৰাৰ বাবে বিভিন্ন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে। ইয়াৰ ফলস্বৰূপে আয়ুষে কেৱল আছিয়ানতে নহয় আন দেশসমূহতো শক্তিশালী স্বীকৃতি লাভ কৰিছে।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া এই এদিনীয়া সন্মিলনত ৮ খন আছিয়ান দেশৰ মুঠ ৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি আৰু ভাৰ্চুৱেলী ২ জন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে পৰম্পৰাগত ঔষধৰ বিষয়ে তেওঁলোকৰ চিন্তা-চৰ্চা আৰু অভিজ্ঞতা আগবঢ়াব ।

লগতে পঢ়ক: Chandrayaan 3 mission: চন্দ্ৰযান – ৩ অভিযানৰ গুৰুত্বপূৰ্ণ দায়িত্বত অসম সন্তান চয়ন দত্ত