মহিলাক বেয়া ব্যাৱহাৰ কৰাৰ বাবে এজন ব্যক্তিক মৰিয়াই মৰিয়াই হত্যা

নিউজ ডেস্ক, ৮ এপ্ৰিল : হায়দৰাবাদত এগৰাকী মহিলাক বেয়া ব্যাৱহাৰ কৰাৰ বাবেই ৩৯ বছৰীয়া এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰা হয়। হায়দৰাবাদ আৰক্ষীয়ে জনোৱা মতে, লোকজনে তেওঁৰ বাসগৃহৰ সন্মুখত এগৰাকী মহিলাৰ সৈতে বেয়া ব্যাৱহাৰ কৰিছিল।
জানিব পৰা মতে, এই ঘটনাৰ পাছতে মহিলা গৰাকীৰ স্বামীয়ে কিছুসংখ্যক স্থানীয় লোকৰ লগত মিলিত হয় বেয়া ব্যাৱহাৰ কৰা লোকজনক লাঠি আৰু ৰডেৰে আক্ৰমণ কৰিছিল।

এই আক্ৰমণৰ ঘটনাৰ পাছতে লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোকজন পৰৱৰ্তী সময়ত তেওঁ নিজৰ বাসগৃহলৈ যায়। নিশাৰ ভাগত পৰিয়ালৰ লোকে লোকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে।
আক্ৰমণত পোৱা আঘাতৰ ফলতে লোকজনৰ মৃত্যু হোৱা সদৰি কৰে পৰিয়ালৰ লোকে।
আনহাতে, এই ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে, আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মহিলা গৰাকীৰ স্বামীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।