Local, Vocal, Global

Pakistan explosions : নিৰ্বাচনৰ এদিন পূৰ্বে পাকিস্তানত ধাৰাবাহিক বোমা বিস্ফোৰণ; নিহত ২৪জন, আহত কেইবাজনো

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ ফেব্ৰুৱাৰী : কাইলৈ পাকিস্তানত সাধাৰণ নিৰ্বাচন(Pakistan explosions) । নিৰ্বাচনৰ এদিন পূৰ্বে কঁপি উঠিল পাকিস্তান । নিৰ্বাচনৰ পূৰ্বে দুটাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণ পাকিস্তানত ৷ পাকিস্তানৰ বেলুচিস্তানত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো( At least 20 killed in blasts outside election candidates’ offices) ।

বুধবাৰে পাকিস্তানত সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ ঘটনা ।দুটাকৈ বোমা বিস্ফোৰণে কঁপাই যায় প্ৰদেশখন । প্ৰদেশ চৰকাৰৰ বিষয়াসকলৰ মতে, এই বিস্ফোৰণৰ ফলত কমেও ২0 জন লোক নিহত হোৱাৰ লগতে আহত হয় ৪০জনৰো অধিক লোক (Pakistan rocked by deadly blasts day before general elections, over 20 killed)।

এই বোমা বিস্ফোৰণৰ প্ৰথমটো ঘটনা পিছিন জিলাত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ দলীয় কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় আৰু আনটো ঘটনা কিল্লাহ ছাইফ উল্লাহ জিলাত সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।এই বোমা বিস্ফোৰণৰ ফলত গাড়ী-মটৰ আন সা-সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন হৈছে।

এই ঘটনা সন্দৰ্ভত প্ৰাদেশিক চৰকাৰৰ মুখপাত্ৰ জান আচাকজায়ে কয় যে, প্ৰথম বোমা বিস্ফোৰণৰ দুৰ্ঘটনাতো বেলুচিস্তান প্ৰদেশৰ জিলা পাশিনত সংঘটিত হৈছিল । এই বিস্ফোৰণৰ ঘটনাত কমেও ২0 জন লোক নিহত হয় আৰু গুৰুতৰভাৱে আহত হয় বহু কেইজন । আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Twin bombings kill at least 20 as Pakistan prepares for elections) ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, আহতসকলৰ কিছু লোক এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

লক্ষণীয় যে দেশখনৰ বিশেষকৈ বালুচিস্তানত শেহতীয়াকৈ হোৱা উগ্ৰপন্থী আক্ৰমণৰ পিচত শান্তি নিশ্চিত কৰিবলৈ সমগ্ৰ পাকিস্তানত হাজাৰ হাজাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল ৷ তৎস্বত্বেও এই বোমা বিস্ফোৰণ সংঘটিত হোৱাত জনসাধাৰণ সংকিত হৈছে ৷

লগতে পঢ়ক : Bangladesh Foreign Minister Hasan Mahmud arrives in Delhi : বুধবাৰে নতুন দিল্লীত উপস্থিত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী হাছান মাহমুদ