Local, Vocal, Global

Tragic Road Accident in Silapathar : মৰ্মান্তিক দুৰ্ঘটনা;তীব্ৰবেগী বাহনে মহতিয়াই নিলে ভাতৃ-ভগ্নী

চিলাপথাৰ, ৮ ফেব্ৰুৱাৰী : এক মৰ্মান্তিক দুৰ্ঘটনা । পথৰ কাষত ৰৈ থকা অৱস্থাত তীব্ৰবেগী TATA PUNCH বাহনে মহতিয়াই নিলে ভাতৃ-ভগ্নী । ফলত থিতাতে নিহত হয় ভাতৃ-ভগ্নীসহ মুঠ ৪জন লোক (Brother-Sister Duo Among 4 Killed in Tragic Road Accident in Silapathar)

চিলাপথাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । বৃহস্পতিবাৰে চিলাপথাৰৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতিৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাসুঁতিত শোকাৱহ পথ দুৰ্ঘটনা। পুৱাই পথৰ কাষত ৰৈ থকা অৱস্থাত ভাতৃ-ভগ্নীক TATA PUNCH বাহনে মহতিয়াই লৈ যায় ।ফলত থিতাতে নিহত হয় ভাতৃ-ভগ্নী।নিহত ১৯ বছৰীয়া আজা চুংক্ৰাঙ আৰু ২২ বছৰীয়া জয়া চুংক্ৰাঙ বুলি জানিব পৰা গৈছে( Brother-sister mowed down by speeding car in Assam)।

এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে তীব্ৰবেগী TATA PUNCH বাহনখনে প্ৰায় ১০০ মিটাৰ মহটিয়াই লৈ গৈছিল ভাতৃ-ভগ্নীক। পথ অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰবেগী বাহনে মহটিয়ালে ভাতৃ-ভগ্নীক।

জানিব পৰা মতে, বগীবিলৰ পৰা আহি পথ অতিক্ৰম কৰিবলৈ লৈছিল আৰু সেই সময়তে তীব্ৰবেগী বাহনখনে মহতিয়াই লৈ গৈছিল ভাতৃ-ভগ্নীক ।

।কেৱল এয়াই নহয়, তীব্ৰবেগী TATA PUNCH বাহনখনে মহটিয়াই নিলে বাইক এখনকো। এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ বিপৰীতে, এজন বাইক আৰোহীৰ চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়।

লগতে পঢ়ক : Tragic incident in Jorhat : যোৰহাটত সুদখোৰৰ মানসিক অত্যাচাৰ আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত বাচি ল’লে ব্যৱসায়ীয়ে