Local, Vocal, Global

সংকটত পাকিস্তান এয়াৰলাইনছ

নিষিদ্ধ হ’ব পাৰে পাকিস্তান এয়াৰলাইনছ। পাইলটসকলৰ লাইছেন্স সম্পৰ্কীয় বিষয়ত আন্তৰ্জাতিক নিয়ম পালন নকৰাৰ বাবে বিশ্বৰ ১৮৮খন দেশত পাকিস্তান এয়াৰলাইনছ নিষিদ্ধ হ’ব পাৰে। পাকিস্তানৰ বিভিন্ন সংবাদ  মাধ্যমত প্ৰকাশ পাইছে এই সম্পৰ্কীয় বাতৰি। পূৰ্বেও বিভিন্ন স্থানত পাকিস্তান এয়াৰলাইনছ নিষিদ্ধ কৰা হৈছিল। ৩ নৱেম্বৰত ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে প্ৰেৰণ কৰা এখন পত্ৰত কৈছে যে পাইলটসকলৰ লাইছেন্স আৰু প্ৰশিক্ষণৰ যি আন্তৰ্জাতিক নিয়ম আছে সেয়া পাকিস্তান চিভিল এভিয়েশ্যন অথৰিটিয়ে পালন কৰা নাই। এই সম্পৰ্কত ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে পাকিস্তান চিভিল এভিয়েশ্যন অথৰিটিক সতৰ্ক কৰি দিছে।

আনহাতে,পাকিস্তান পাইলট এছ’চিয়েশ্যনৰ মুখপাত্ৰই কয় যে ইন্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনে এনে সিদ্ধান্ত গ্ৰহণ কৰিলে পাকিস্তানৰ বিমান পৰিবহন উদ্যোগত বিপৰ্যয় নামি আহিব,আৰু এই সংগঠনটোৱে সম্পুৰ্ণ বিষয়টোত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ হস্তক্ষেপ বিচাৰিছে।