মুঠতে মুখ দেখুৱাবই ছানী লিয়নিয়ে

কৰ’নাৰ পৰা নিজকে বচাই ৰাখিবলৈ হ’লে মাস্ক নিপিন্ধিলেই নহয়৷ ফেচ মাস্কৰ এতিয়া চাহিদাও ব্যাপক৷ পিছে নিজৰ সৌন্দৰ্যক লৈ অত্যধিক সচেতনসকলে মাস্ক মানি ল’ব খোজা নাই৷ কাৰণ মাস্ক পিন্ধিলেই লুকাই পৰে ধুনীয়া মুখখন৷ বহুতে মাস্কক লৈ হতাশাতো ভুগিছে৷ পিছে সেইসকলৰ বাবে এক উপায় উদ্ভাৱন কৰিছে ছানি লিয়নিয়ে৷ ছানি লিয়নিৰ পৰিচয় এতিয়া কেৱল পৰ্ণষ্টাৰ নহয়৷ বলীউডৰ চিনেমা আৰু সৰু পৰ্দাতো সঘনাই ভুমুকি মাৰে ছানিয়ে৷ এইগৰাকী সুন্দৰী ছানি লিয়নিয়ে উপায় উলিয়াইছে কিদৰে মাস্ক পিন্ধিও আনে দেখাকৈ ৰাখিব পাৰি নিজৰ মুখখন৷ উপায়ৰূপে স্বামীয়ে উদ্ভাৱন কৰিছে এক ট্ৰেন্সপাৰেণ্ট মাস্ক৷ এই মাস্ক পিন্ধি নাক-মুখ ঢাকি ৰাখিও আনে দেখাকৈ ৰাখিব পৰা যাব৷ এই ট্ৰেন্সপাৰেণ্ট মাস্কৰ কথা ছানি লিয়নিয়ে প্ৰচাৰ কৰাৰ লগে লগে সকলোৰে অপেক্ষা কেতিয়া বজাৰলৈ আহিব এই ট্ৰেন্সপাৰেণ্ট মাস্ক?