পাকিস্তানঃ যাত্ৰীবাহী বাছত অগ্নীকাণ্ড, ৮ শিশুসহ ১৮ জন লোক অগ্নিদগ্ধ
নিউজ ডেস্ক: পাকিস্তানৰ সিন্ধ প্ৰদেশৰ জামশোৰো জিলাৰ নুৰিবাদৰ ওচৰত এখন যাত্ৰীবাহী বাছত জুই লগাৰ ফলত ৮টা শিশুসহ ৯ গৰাকী মহিলা নিহত হয়, লগতে কেইবাজনো লোক আহত হয়। পাকিস্তানী সংবাদগোষ্ঠী ডন নিউজে আৰক্ষীৰ ভাষ্য সংগ্ৰহ কৰি ঘটনাটো পোহৰলৈ আনে।
বুধবাৰে সংঘটিত ঘটনাটো নিশ্চিত কৰি নুৰিবাদৰ উপ আৰক্ষী অধীক্ষক ৱাজিদ থাহিমে কয় যে ঘটনাটোত আঠটা শিশু, নগৰাকী মহিলা আৰু দুজন পুৰুষ নিহত হৈছে বুলি ডন সংবাদগোষ্ঠীয়ে প্ৰকাশ কৰিছে।
৮০ জনৰো অধিক লোকক কঢ়িয়াই নিয়া বাছখনত মুগাৰী সম্প্ৰদায়ৰ লোক আছিল।অভিশপ্ত বাছখন কৰাচীৰ পৰা খাইৰপুৰ নাথন শ্বাহলৈ উভতি আহি আছিল।
বাছখনৰ শীতাতপ নিয়ন্ত্ৰিত প্ৰণালীত থকা ত্ৰুটিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হয় বুলি এজন বিষয়াই উল্লেখ কৰে। মৃত যাত্ৰী সকলৰ লগতে আহতসকলক লিয়াকত বিশ্ববিদ্যালয় চিকিৎসালয় জামশোৰোলৈ লৈ যোৱা হৈছিল।
ইফালে, উদ্ধাৰ আৰু সাহায্যৰ কামৰ বাবে স্বেচ্ছাসেৱকসকলেও ঘটনাস্থলীত উপস্থিত হৈছে।
সিন্ধৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহে জামশোৰো উপায়ুক্তক তাৎক্ষণিকভাৱে এম্বুলেন্স লৈ ঘটনাস্থলীলৈ গৈ আহতসকলক যতদূৰসম্ভৱ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছিল। তেওঁ ঘটনাটোৰ তদন্ত প্ৰতিবেদন বিচাৰিছে।