Local, Vocal, Global

পাকিস্তানৰ সন্মুখত অপ্রতিৰোধ্য অষ্ট্রেলিয়া

ICC, T–20 বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেল মেচ আজি ডুবাইত অনুষ্ঠিত হ’ব ৷ প্রতিযোগিতাখনৰ খিতাপ দখলৰ প্রবল দাবীদাৰ পাকিস্তানে আজি হ’বলগীয়া ছেমিফাইনেল মেচখনত অষ্ট্রেলিয়াৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগঢ়াব ৷ কাইলৈ মেচখনত পাকিস্তানকে ফেভাৰিট আখ্যা দিয়া হৈছে৷ প্রতিযোগিতাখনত এখন মেচতো পৰাজয়ৰ সন্মুখীন নোহোৱাকৈ ছেমিফাইনেলত প্রৱেশ কৰা পাকিস্তানে কাইলৈ অষ্ট্রেলিয়াক পৰাস্ত কৰি ফাইনেল খেলাৰ লক্ষ্য লৈছে৷ আজি এই মেচখনত পাকিস্তানে অষ্ট্রেলিয়াৰ বিপক্ষে পোটক তোলাৰো এক সুৱর্ণ সুযোগ লাভ কৰিছে৷ বিগত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলতো পাকিস্তান আৰু অষ্ট্রেলিয়া মুখামুখি হৈছিল যদিও মাইক হাছীৰ দুর্দান্ত প্রদর্শনৰ সহায়ত অষ্ট্রেলিয়াই পাক দলটোক পৰাস্ত কৰি ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰিছিল ৷

২০১৬ চনৰ T–20 বিশ্বকাপত আগতীয়াকৈ বিদায় লোৱা পাকিস্তানে এইবাৰ প্রথমৰ পৰাই দুর্দান্ত প্রদর্শন দাঙি ধৰি আহিছে ৷ চিৰপ্রতিদ্বন্দ্বী টীম ইণ্ডিয়াক প্রথমখন মেচতেই পৰাস্ত কৰি অনন্য অভিলেখৰে আত্মবিশ্বাস বৃদ্ধি কৰা পাকিস্তানে তাৰকা পেচ বলাৰ শ্বাহিন শ্বাহ আফ্রিদী, হাছান আলী আৰু হৰিষ ৰৌফৰ দুর্দান্ত প্রদর্শনৰ জৰিয়তে ছেমিফাইনেলত প্রৱেশ কৰিছে ৷ অৱশ্যে অধিনায়ক বাবৰ আজমৰ লগতে মহম্মদ ৰিজৱান আৰু ছোৱেইব মালিকেও সুন্দৰ বেটিং প্রদর্শন দাঙি ধৰিছে ৷ বেটিং আৰু বলিং উভয় বিভাগতে চমকপ্রদ প্রদর্শন দাঙি ধৰা পাকিস্তানক আজি পৰাস্ত কৰাটো অষ্ট্রেলিয়াৰ বাবে বিশেষ সহজ নহ’ব ৷ অৱশ্যে শ্বাহিন শ্বাহ আফ্রিদীৰ বিপক্ষে মোকাবিলা কৰিবলৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে আৰন ফিনছ নেতৃত্বাধীন অষ্ট্রেলিয়াই৷ অৱশ্যে মেচখনত অ’পেনাৰদ্বয় ডেভিদ ৱার্নাৰ আৰু আৰন ফিনছৰ লগতে বিস্ফোৰক অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলৰ ওপৰত অষ্ট্রেলিয়াৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব ৷ খেলৰ সময়ঃ নিশা ৭.৩০ বজা ৷