Local, Vocal, Global

প্ৰতিবাদত নামিল সদৌ অসম প্ৰগতিশীল নাৰী সন্থা

বৃহস্পতি বাৰে সংগঠনটোৱে পাঁচদফীয়া দাবীৰে নগাঁও মহাবিদ্যালয়ৰ সমিপত ৰূপায়িত কৰিলে অবস্থান ধৰ্মঘট কাৰ্যসূচী ৷ বৰ্তমানৰ বিজেপি চৰকাৰ খনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰম বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰি হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে পদত্যাগ কৰাৰো দাবী উত্থাপন কৰে সংগঠনটোৱে৷ইয়াৰ উপৰি নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী সভাত মহিলাৰ মাইক্ৰ’ফাইনাঞ্চৰ ঋণ মাফৰ লগতে অৰুণোদয় আঁচনিত মাহে তিনিহাজাৰ টকাকৈ দিয়া হ’ব বুলি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি শীঘ্ৰে পুৰণ কৰিবলৈও এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনালে সংগঠনটোৱে ৷ প্ৰতিবাদৰ অন্তত সংগঠনটোৱে পাঁচদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে ৰজ্যপাললৈ ৷