Local, Vocal, Global

Akshay Kumar gets Indian citizenship : অৱশেষত ভাৰতীয় হ’ল বলিউড অভিনেতা অক্ষয় কুমাৰ; স্বাধীনতা দিৱসৰ দিনটোতে এই ঘোষণা

ইন্টাৰনেশ্যনেল ডেস্ক, ১৫আগষ্ট : অৱশেষত বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে লাভ কৰিলে ভাৰতৰ নাগৰিকত্ব (Bollywood Actor)। ভাৰতীয় নাগৰিক হ’ল বলিউড অভিনেতা অক্ষয় কুমাৰ ।

ভাৰতৰ ৭৭ তম স্বাধীনতা দিৱসৰ দিনটোতে এই কথা ঘোষণা কৰিলে বলিউড অভিনেতা গৰাকীয়ে (Independence Day)। ১৫ আগষ্টৰ দিনাই সামাজিক মাধ্যম টুইটাৰৰ এটা পোষ্ট শ্বেয়াৰ কৰে, আৰু লিখে , ‘‘হৃদয় আৰু নাগৰিকত্ব, দুয়োটাই হিন্দুস্তানী। স্বাধীনতা দিৱসৰ শুভেচ্ছা! জয় হিন্দ!((Dil aur citizenship, dono Hindustani.Happy Independence Day!Jai Hind!)’’

বলীউডৰ জনপ্ৰিয় অভিনেতা গৰাকী কানাডাৰ নাগৰিক আছিল । জনপ্ৰিয় অভিনেতা গৰাকীয়ে ইমান দিনে ভাৰতত ৱৰ্কিং ভিছাৰে বলিউডত কাম কৰি আহিছিল(Working Visa) আৰু সেই হেতুকে ভাৰতত বাস কৰি আছিল। বিভিন্ন সময়ত অক্ষয় কুমাৰে সমালোচনাৰ পাত্ৰ হ’বলগীয়া হৈছিল আৰু তেওঁৰ কানাডাৰ নাগৰিকত্বৰ দিশটোও চৰ্চাত আছিল।

জানিব পৰা মতে , এইগৰাকী অভিনেতাই ২০১৯ তে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছিল কিন্তু বিভিন্ন কাৰণত নাগৰিকত্ব লাভ কৰা নাছিল ভাৰতৰ। অৱশেষত বলীউডৰ জনপ্ৰিয় অভিনেতা গৰাকীক প্ৰদান কৰা হ’ল ভাৰতীয় নাগৰিকত্ব। ইয়াৰ লগে লগে অভিনেতাজনে তেওঁৰ কানাডিয়ান নাগৰিকত্ব ত্যাগ কৰিছে আৰু ভাৰতীয় নাগৰিকত্ব ঘূৰাই পাইছে।

বলীউডৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে এবাৰ সংবাদ মাধ্যমৰ আগত কয় যে, যেতিয়া মানুহে কানাডিয়ান নাগৰিকত্বৰ কাৰণ নজনাকৈ তেওঁৰ সমালোচনা কৰে, তেতিয়া তেওঁ দুখ অনুভৱ কৰে। বলীউডৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে লগতে কয় যে, ‘‘ভাৰত মোৰ বাবে সকলো… মই যি উপাৰ্জন কৰিছোঁ, মই যি লাভ কৰিছোঁ সেয়া ইয়াৰ পৰা। আৰু মই সৌভাগ্যৱান যে মই ইয়াক ঘূৰাই দিয়াৰ সুযোগ পাইছো। যেতিয়া মানুহে একো নজনাকৈ কিবা কথা কয়, তেতিয়াই বেয়া অনুভৱ কৰো।’’

লগতে পঢ়ক :Siddique Ismail Death : চলমান খান অভিনীত ‘বডিগাৰ্ড’ ছবিৰ পৰিচালক চিদ্দিকীৰ দেহাৱসান