শিৱসাগৰত প্ৰধান মন্ত্ৰী মোদীৰ ভাষণত মাইক বিজুতিৰ তদন্তৰ নির্দেশ

শিৱসাগৰত প্ৰধান মন্ত্ৰী মোদীৰ ভাষণত মাইক বিজুতিৰ তদন্তৰ নির্দেশ। শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভাত ভাষণ প্ৰদানত দেখা গৈছিল মাইকৰ বিসংগতি। সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈছিল মাইক বিসংগতিৰ ভিডিঅ’। ভাষণ প্ৰদানৰ মাজতেই বিষয়টোক লৈ উদ্বিগ্ন হোৱা দেখা গৈছিল প্ৰধান মন্ত্ৰীগৰাকীক। মাইক বিজুতিৰ বিষয়টোক লৈ এইবাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে তদন্তৰ নির্দেশ। তদন্তৰ বাবে গঠন কৰি দিছে এখন ৩জনীয়া সমিতি। ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নির্দেশ দিছে অসম চৰকাৰে। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত সচিব মলয় বৰাৰ অধ্যক্ষতাত গঠন কৰা হৈছে সমিতি। আনহাতে সমিতিৰ আন দুজন সদস্য হৈছে ডিআইজি ভি এছ পি গাঞ্জালা আৰু এমট্ৰ’নৰ প্ৰবন্ধৰ শ্যামল কুমাৰ ভূঞা।