Local, Vocal, Global

Encounter in Nagaon: ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলিচালনা, এজন গুলীবিদ্ধ

  • নগাঁৱৰ ধিঙত সংঘটিত হৈছে এনকাউণ্টাৰ
  • ড্ৰাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা (Police Shot Drug Dealer)
  • আৰক্ষীৰ গুলীত গুলিবিদ্ধ এটা ড্ৰাগছ সৰবৰাহকাৰী
  • আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে কৰিলে গুলিচালনা
  • বাঁও ভৰিত গুলিবিদ্ধ সৰবৰাহকাৰীটোৰ নাম আবুল হুছেইন বুলি জানিব পৰা গৈছে
  • এই ঘটনাত আৰক্ষীৰ এজন কণিষ্টবলো আহত হৈছে
  • সৰবৰাহকাৰীটোৰ পৰা জব্দ সন্দেহজনক হেৰ’ইনভৰ্ত্তি ৯টা চাবোনৰ বাকচ (Heroin seized by Police)
  • জব্দকৃত হেৰ’ইনখিনিৰ মূল্য চাৰি লক্ষাধিক টকা হ’ব বুলি জনালে আৰক্ষীয়ে
  • ধিঙৰ টুকটুকীস্থিত নিজগৃহৰ পৰাই ড্ৰাগছৰ বেহা চলাই অহাৰ অভিযোগ
  • আটক কৰাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল অপৰাধীটোয়ে