Local, Vocal, Global

Opposition Unity Forum Meeting Held : ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড়, ৩০ নৱেম্বৰ : ডিব্ৰুগড়ত এখন গুৰুত্বপূৰ্ণ বৈঠক । বিৰোধী ঐক্য মঞ্চৰ এই গুৰুত্বপূৰ্ণ বৈঠক(Opposition Unity Forum Meeting Held) ।

ৰাজ্যত বিজেপিক লোকসভা নিৰ্বাচনত পৰাজিত কৰাৰ লক্ষ্যৰে গঠন হোৱা বিৰোধী ঐক্যৰ এখন গুৰুত্বপূৰ্ণ বৈঠক বৃহস্পতিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় ৷ ডিব্ৰুগড়ৰ এইছ এম ৰিজৰ্টত বিৰোধী ঐক্যৰ ১৫টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হৈছে এই বৈঠক ।

এইবাৰ ডিব্ৰুগড়ৰ পৰা হ’ব লোকসভা নিৰ্বাচনৰ বৃহৎ ৰণনীতি। একত্ৰিত হব ১৫ টা ৰাজনৈতিক দল । আগন্তুক লোকসভা নিৰ্বাচনক লৈ বৃহৎ ৰণনীতিৰ পৰিকল্পনাৰে দুদিনীয়াকৈ ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ বৈঠক । লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যৰ আসন ভাগ বটোৱাৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে কেনে ধৰণৰ ৰণনীতি ল’ব তেনে বিষয় সন্দৰ্ভত এই বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, আজি বিৰোধী ঐক্য মঞ্চৰ প্ৰথমখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হোৱা লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা। এই বৈঠকত বিৰোধী ঐক্য মঞ্চই লোকসভা নির্বাচনৰ ৰণনীতি, প্ৰক্ষেপিত প্ৰাৰ্থী নিৰ্ধাৰণৰ দৰে গুৰুত্বপূর্ণ বিষয় আলোচনা হোৱাৰ সম্ভাৱনা(Opposition Unity Forum Meeting held in Dibrugarh)।

আজি ডিব্ৰুগড়ৰ এইছ এম ৰিজৰ্টত দিনৰ ১২ বজাৰ পৰা পঞ্জীয়ন আৰু এক বজাৰ পৰা নিশা পৰ্যন্ত বৈঠক অনুষ্ঠিত হ’ব। বহু চৰ্চিত বিৰোধী ৰাজনৈতিক দল সমূহৰ উমৈহতীয়া মঞ্চ INDIAৰ ৰুদ্ধদ্বাৰ বৈঠকখনতে সিদ্ধান্ত ল’ব লোকসভা নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।

এই সভাত ইতিমধ্যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ বিধায়ক আব্দুল খালেক, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি প্ৰায় সমূহ দলৰে নেতৃত্ব উপস্থিত হৈছে । বৃহস্পতিবাৰৰ এই গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে শুকুৰবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব বিৰোধীৰ ১৫ টা দলৰ নেতৃত্বত বিশাল এক জনসভা ।

জানিব পৰা মতে,একত্ৰিত হোৱা এই ১৫ টা ৰাজনৈতিক দল হৈছে – ভাৰতীয় জাতীয় কংগ্ৰেছ (INC), অসম জাতীয় পৰিষদ (AJP), ৰাইজৰ দল (RD), জাতীয় দল, অসম (JD-A), আম আদমী পাৰ্টী (AAP), তৃণমূল কংগ্ৰেছ (TMC), ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টী (VCP), কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (CPI), কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী) (CPT-M), কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী লেনিনবাদী (COP-ML), ৰাষ্ট্ৰীয় জনতা দল (RJD), জনতা দল (ইউনাইটেড) (JD-U) , অল ইণ্ডিয়া ফাৱাৰ্ড ব্লক (AIFB), অৱ পাৰ্টী হিল লীডাৰ্ছ কনফাৰেন্স (APHLC) আৰু শিৱসেনা (উদ্ধৱ চাহেব ঠাকৰে) (SSU- UTB) ৷

লগতে পঢ়ক : Telangana Assembly Elections : দিনৰ ১১ বজালৈ সম্পূৰ্ণ ২০.৬৪ শতাংশ ভোটদান