Local, Vocal, Global

Opposition Meeting In Patna : দাড়ি দীঘল নকৰি বিয়া পাতক; ৫৩ বছৰীয়া ৰাহুলক লালুৰ প্ৰস্তাৱ

নেশ্যনেল ডেস্ক, ২৪ জুন : শুকুৰবাৰে বিহাৰৰ পাটনাত বিৰোধী মিত্ৰজোঁটৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এখন সংবাদমেলত লালুপ্ৰসাদ যাদৱে প্ৰাক্তন কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক কয় যে এতিয়াও বিয়াৰ সময় পাৰ হোৱা নাই(Opposition press conference after Patna Meeting)। কেবল দাড়ি দীঘল নকৰি সোনকালে বিয়াখন পাতক। যেতিয়াই মাতৃ ছোনিয়া গান্ধীক লগ পায় তেতিয়াই মাতৃ ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে ৰাহুলে একেবাৰে কথা শুনিব নিবিচাৰে (Opposition Meeting In Patna)। লালুহঁতেই যেন ৫৩ বছৰীয়া ৰাহুলক বিয়া পাতিবলৈ কয় ।

শুকুৰবাৰে পাটনাত কেইবাটাও বিৰোধী দলৰ নেতাই লোকসভা নিৰ্বাচনৰ কৌশল নিৰ্ধাৰণ কৰি মিত্ৰতাৰে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এক বৈঠকত মিলিত হৈছিল(Opposition Meeting In Patna)। পাটনাৰ সেই সংবাদমেলতে লালুৱে ৰাহুলক বিয়াৰ পৰামৰ্শ দিয়ে । লালু সদায় এগৰাকী ধেমেলীয়া ৰাজনীতিবিদ হিচাপে পৰিচিত হৈ আহিছে। সংসদত ৰে’ল বাজেট দাখিল কৰাৰ সময়তো সেই সময়ৰ কেইবাটাও ভিডিঅ’ এতিয়াও ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয়। কেতিয়াবা হাঁহি বন্ধ কৰিব নোৱাৰা ধৰণৰ কথাবোৰ কৈছিল। লালুৰ কথা শুনি বিৰোধী নেতাসকলে হাঁহি ৰখাব নোৱাৰিলে ।

ৰাহুল গান্ধীক বিয়াৰ পৰামৰ্শ লালুৰ

দেশৰ ৰাজনীতিত নিজস্ব কথন শৈলী আৰু কামকাজৰ বাবে সদায়েই চৰ্চাৰ শীৰ্ষত আৰোহণ কৰি আহিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে। ব্যতিক্ৰম নহ’ল শুকুৰবাৰৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ বৈঠকৰ সময়তো।

বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰাৰ সময়ত লালু প্ৰসাদ যাদৱে ৰাহুল গান্ধীক দিয়া এটা প্ৰস্তাৱে সকলোৰে চকু কপালত তুলিলে। বিজেপিৰ বিৰোধিতাৰে একত্ৰিত হোৱা বিৰোধী ৰাজনৈতিক দলসমূহে ৰণকৌশল তৈয়াৰ কৰা এই বৈঠকৰ অন্তত সংবাদ মেলত হঠাৎ ৰাহুল গান্ধীক বিয়াৰ প্ৰস্তাৱ দিলে লালু প্ৰসাদ যাদৱে।

এই বৈঠকত বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ, আৰজেডিৰ লালু প্ৰসাদ যাদৱ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী, চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদম পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেকে ধৰি বিৰোধী দলৰ অন্যান্য নেতা উপস্থিত থাকে।

অৱশ্যে এই ধেমালিৰ অন্তত ৰাহুলে অতি স্পষ্টভাৱে কয় যে অহা বছৰৰ লোকসভা নিৰ্বাচনত বিৰোধীয়ে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব। কোন ৰাজ্যত কোনটো দলে যুঁজিব, কি অংক অনুসৰণ কৰি আগবাঢ়ি যোৱা হ’ব সেই সবিশেষ আলোচনাৰ বাবে অহা মাহত হিমাচল প্ৰদেশৰ শিমলাত বিৰোধীয়ে এক বৈঠকত মিলিত হ’ব।

লগতে পঢ়ক : Manipur Violence : আজি বিয়লি ৩বজাত দিল্লীত সৰ্বদলীয়া বৈঠক