Opposition Meeting Postponed : স্থগিত হ’ল বিৰোধীৰ পৰৱৰ্তী যৌথ বৈঠক, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বেই হ’ব এই বৈঠক
নেশ্যনেল ডেস্ক, ৩ জুলাই : ১৩ আৰু ১৪ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া বিৰোধী দলসমূহৰ যৌথ বৈঠকখন পিছুৱাই দিয়া হৈছে (Opposition Meeting Postponed)। প্ৰাপ্ত তথ্য অনুসৰি সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হ’ব এই বৈঠক(Opposition Meeting Postponed) ।
সোমবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে বিৰোধীৰ বৈঠকখন স্থগিত ৰখাৰ সন্দৰ্ভত কয় যে, “আমি অতি সোনকালে পৰৱৰ্তী বৈঠকখনৰ তাৰিখ ঘোষণা কৰিম (Congress MP Venugopal)। আমি সকলো ৰাজনৈতিক দলৰ সৈতে এই লৈ আলোচনা কৰিছো আৰু কোনো পলম নকৰাকৈ বৈঠকৰ দিন ঘোষণা কৰা হ’ব(Opposition Meeting Postponed) ।”
কংগ্ৰেছৰ নেতাজনে কয় যে, “সংসদ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই বৈঠকখন অনুষ্ঠিত হ’ব (Opposition Meeting Postponed) । সংসদৰ এই বৰ্ষাকালীন অধিৱেশন অহা ২০ জুলাইত আৰম্ভ হৈ ২০ আগষ্টত অন্ত পৰিব । মহাৰাষ্ট্ৰত শেহতীয়াকৈ হৈ যোৱা ৰাজনৈতিক পৰিৱৰ্তনক লৈ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই বেণুগোপালে কয় যে এই ৰাজনৈতিক পৰিৱৰ্তনে মহা বিকাশ আগদী (এমভিএ) মিত্ৰজোঁটক কোনো ধৰণে প্ৰভাৱিত নকৰে ।
লগতে তেওঁ কয় “প্ৰধানমন্ত্ৰী মোডীয়ে শেহতীয়াকৈ এনচিপি নেতাসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আৰু এতিয়া আমি এই নাটকখন দেখিলো । এইটো ইডি আৰু তেওঁলোকৰ সংস্থাসমূহৰ স্পষ্ট পৃষ্ঠপোষকতাত ৰুপায়ন কৰা এখন খেল । এই খেলৰ কোনো প্ৰভাৱ এমভিএত নপৰে ।”
লগতে ভেনুগোপালে কয় যে “আমি বিজেপিৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মকভাৱে যুঁজ দিম । ই বিৰোধী ঐক্যক প্ৰভাৱিত কৰিব নোৱাৰে, এয়া এনচিপিৰ বিষয় । শৰদ পাৱাৰ দলৰ আটাইতকৈ জ্যেষ্ঠ নেতা আৰু তেওঁ পৰিস্থিতিটো চম্ভালিবলৈ সক্ষম হ’ব । একাংশ নেতাৰ দল সলনিৰ অৰ্থ এইটো নহয় যে দলৰ সমৰ্থক আৰু আন সদস্যসকল তেওঁলোকৰ সৈতে গুছি যাব ।”
উল্লেখ্য যে ইয়াৰ পূৰ্বে জেডি(ইউ)ৰ মুখ্য মুখপাত্ৰ কে চি ত্যাগীয়েও সাংবাদিকৰ আগত উল্লেখ কৰিছিল যে, বিৰোধীৰ পৰৱৰ্তী বৈঠকখন অহা ১৩ আৰু ১৪ জুলাইত অনুষ্ঠিত নহয় যদিও ইয়াৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই । অৱশ্যে অতি শীঘ্ৰে বৈঠকখন অনুষ্ঠিত হ’ব ।
২৩ জুনত বিহাৰৰ পাটনাত প্ৰথমখন যৌথ বৈঠক অনুষ্ঠিত হোৱাৰ অন্তত পৰৱৰ্তী বৈঠকখন ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অহা ১০ আৰু ১২ জুলাইত শিমলাত অনুষ্ঠিত হ’ব প্ৰথমে উল্লেখ কৰিছিল । বৃহস্পতিবাৰে শাৰদ পাৱাৰে পুনেত এখন সংবাদমেলত ঘোষণা কৰে যে হিমাচল প্ৰদেশৰ বতৰৰ পৰিস্থিতিৰ বাবে বিৰোধী নেতাসকলৰ পৰৱৰ্তী বৈঠক চিমলাৰ পৰা বেংগালুৰুলৈ স্থানান্তৰিত কৰা হৈছে।
ইয়াৰ পূৰ্বে পাটনাত অনুষ্ঠিত উদ্বোধনী বৈঠকখনত শাৰদ পাৱাৰ, বিহাৰৰ মুখ্যমন্ত্ৰী আৰু জনতা দল ইউনাইটেড (জেডিইউ)ৰ মুৰব্বী নীতিশ কুমাৰ, কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী, আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি শীৰ্ষ বিৰোধী নেতাসকলে আগন্তক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সংকল্প লৈছিল ।
ইফালে এন চি পি নেতা অজিত পাৱাৰে দেওবাৰে শিৱসেনা-বিজেপি মিত্ৰজোঁটত যোগদান কৰি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাৰ পিছতে মহাৰাষ্ট্ৰত ৰাজনৈতিক উত্তালৰ এক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা যায় ।
লগতে পঢ়ক : Chidambaram suggested CM Sharma : হিমন্তবিশ্ব শৰ্মাক মণিপুৰ সংঘাতত হস্তক্ষেপ নকৰিবলৈ পৰামৰ্শ চিদাম্বৰৰ