Watch | Opening six bed health centre at moinating Gelakey : গেলেকীৰ মনাইটিং উপ – স্বাস্থ্য কেন্দ্ৰৰ ৬ খন বিচনাযুক্ত চিকিৎসা ভৱনৰ শুভ উদ্বোধন
গেলেকী: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিচন অসমৰ অধীনত নিৰ্মাণ কৰা মনাইটিং উপ – স্বাস্থ্য কেন্দ্ৰৰ ৬ বিচনাযুক্ত ভৱনৰ শুভ উদ্বোধন কৰা হয় । এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ভৱনটিৰ উদ্ধোধন কৰে নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰুত শইকীয়াই ।
এই নতুন ৬ খন বিচনাযুক্ত চিকিৎসালয়খন সম্পূৰ্ণ সক্ৰিয় হ’লে পিছপৰা মনাইটিং অঞ্চলৰ দৰিদ্ৰ লোকসকল উপকৃত হব বুলি মত প্ৰকাশ কৰে দেৱব্ৰুত শইকীয়াই । লগতে নাজিৰা সমষ্টিৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত চিকিৎসক নথকাৰ বাবেও আৱেগ প্ৰকাশ কৰে শইকীয়াই । চৰকাৰে চিকিযৎসালয় নিৰ্মাণৰ সমান্তৰালকৈ চিকিৎসকৰ নিযুক্তি দিয়াৰ বিষয়টোৰ ওপৰতো গুৰুত্ব দিব বুলি আশা প্ৰকাশ কৰে শইকীয়াই ।