Watch | Open resentment of the BJP government by the contractor of the public health engineering department in Dibrugarh: ডিব্ৰুগড়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মুকলি ক্ষোভ

ডিব্ৰুগড়: ডিব্ৰুগড়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰৰ চৰকাৰৰ বিৰুদ্ধে মুকলি ক্ষোভ। দীৰ্ঘদিন ধৰি অনাদায় হৈ আছে জল জীৱন আঁচনিৰ বিল। অনাদায়কৃত হৈ আছে প্ৰায় ১২ হাজাৰ কোটি টকা। চৰকাৰে ঠিকাদাৰৰ প্ৰাপ্য মুকলি নকৰাত প্ৰায় ৮০০০ ঠিকাদাৰৰ বিলৈ।
ডিব্ৰুগড়ত সংবাদমেল যোগে ৰাজ্য চৰকাৰক এই ধন মুকলি কৰি দিবলৈ জনালে দাবী। কিস্তিৰ ভিত্তিত মাত্ৰ ১০ শতাংশ ধন মোকলাই দি বাকী সিংহভাগ ধন আজি পৰ্যন্ত মুকলি কৰি নিদিয়াত পানীত হাঁহ নচৰা অৱস্থা হৈছে এইসকল ঠিকাদাৰৰ। আজি অসম বিধান সভাৰ বিশেষ অধিবেশনত জল জীৱন আঁচনিৰ বিল সম্পৰ্কত আলোচনা মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে।