Local, Vocal, Global

ভাৰতত বছৰি এক নিযুত লোক মুখগহ্বৰ কৰ্কটত আক্ৰান্তঃ ডাঃ শেঠীয়া

গুৱাহাটী,৬ এপ্ৰিলঃ “ভাৰতত বছৰি কমেও এক নিযুত লোক মুখগহ্বৰৰ কৰ্কট ৰোগত আক্ৰান্ত হয়। চল্লিছৰ পৰা ষাঠি বছৰলৈ সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হয়।”- এই মন্তব্য জেষ্ঠ্য দন্ত চিকিৎসক দিলীপ শেঠীয়াৰ। আজি পাৰ্ল ৩২ দন্ত ক্লিনিকৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেঁও মন্তব্য কৰে।

লগতে তেঁও কয় যে, আমাৰ সমাজৰ প্ৰায়সংখ্যক লোকেই দাঁতৰ যতন লোৱাৰ ক্ষেত্ৰত সচেতন নহয়। দন্ত ৰোগৰ বাবে যে আন সমস্যায়ো গা কৰি উঠিব পাৰে সেই বিষয়ে বহু লোক আগ্ৰহী নহয় বুলি উল্লেখ কৰি ডাঃ শেঠীয়াই পুনৰ কয় যে সৰুৰ পৰাই যদি সতৰ্কতা অৱলম্বন কৰা হয় তেনেহ’লে মুখগহ্বৰ কৰ্কট ৰোগৰ পৰা হাত সাৰিব পাৰি।

গুটখা, ধঁপাত আদিৰ বাবে মুখগহ্বৰ কৰ্কট ৰোগ হয় যদিও আন কাৰণতো হ’ব পাৰে। আনহাতে, অতিসম্প্ৰতি সমগ্ৰ বিশ্বতে ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা বুলি উল্লেখ কৰি ডাঃ শেঠীয়াই পুনৰ কয় যে, এনে ৰোগীয়েও সতৰ্কতা অৱলম্বন কৰা উচিত। আজিকালি ডায়েবেটিছত আক্ৰান্ত বহুতো লোকই দন্ত সমস্যা লৈ চিকিৎসকৰ ওচৰলৈ যোৱা বুলিও তেঁও কয়।

ডাঃ শেঠীয়াই ব্ৰাছ কৰোঁতেও সকলোৱে সাৱধান হ’ব লাগে বুলি কয়। পাৰ্ল ৩২ দন্ত ক্লিনিকৰ বৰ্ষপূৰ্তি উপলক্ষে ষাঁঠি বছৰৰ ঊৰ্ধ্বৰ লোকসকলক বিনামূলীয়াকৈ চোৱা হয় বুলিও তেঁও উল্লেখ কৰে। তদুপৰি বৰ্ষপূৰ্তিৰ স’তে সংগতি ৰাখি ‘টুথ গাই বুক’ নামৰ এখন ডিজিটেল বুকলেট মুকলি কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ডাঃ অনুৰাধা শৰ্মা, ডাঃ হাৰ্ষিকা নাৰুকা, ডাঃ জয়শ্ৰী কলিতা, ডাঃ নেহা বোথুৰা, ডাঃ গুঞ্জনা কলিতা, ডাঃ শ্ৰেয়া কোঠাৰী, ডাঃ কল্যাণ ডেকা, ডাঃ নিশি পোড্ডাৰ, ডাঃ চনাম পোড্ডাৰ আগৰৱাল আৰু ডাঃ পাৰ্থ সাহা।