Local, Vocal, Global

নাৰায়ণপুৰত এনকাউণ্টাৰ, আহত দুজনকৈ গৰু চোৰাং ব্যৱসায়ী

নিউজ ডেস্ক, ৭ এপ্ৰিল : ৰাজ্যত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে এনকাউণ্টাৰ। নাৰায়ণপুৰৰ ঢলপুৰত নিশা এনকাউন্টাৰ। দুজনকৈ চোৰাং গৰু ব্যৱসায়িক এনকাউণ্টাৰ কৰে ঢলপুৰ আৰক্ষীয়ে।

নাৰায়ণপুৰত এনকাউণ্টাৰ, আহত দুজনকৈ গৰু চোৰাং ব্যৱসায়ী

আনহাতে, এনকাউণ্টাৰত দুটাকৈ চোৰাং গৰু ব্যৱসায়ী আহত হয় যদিও তিনিটা বেপাৰী পলায়ণ কৰিবলৈ সক্ষম হয়। আহত দুগৰাকী চোৰাং ব্যৱসায়ী ক্ৰমে মহম্মদ বদৰ আলী আৰু আবাদুল ইছলাম। ভৰিত গুলী লাগি আহত হয় দুয়োগৰাকী ব্যৱসায়ী।

ইতিমধ্যেই, দুয়োকে লক্ষীমপুৰ মেডিকেললৈ প্ৰেৰণ কৰা হয়। দুই সৰবৰাহকাৰীৰ ঘৰ দৰং জিলাৰ বেচিমাৰী আৰু পানীখাইতীত বুলি আৰক্ষীয়ে অৱগত কৰিছে।

উল্লেখযোগ্য যে, সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ২৭ টা গৰুসহ এখন প্লেট বিহীন ট্ৰাক জব্দ কৰে।