সোণতলীত ভয়ংকৰ পথ দুৰ্ঘটনা,নিহত এজন,গুৰুতৰভাৱে আহত দুজন…

ডিজিটেল ডেস্ক:-দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ পথ দুৰ্ঘটনা।দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত শেলেসুতিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।এখন বাইক আৰু চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হয়।সংঘৰ্ষত ফলত থিতাতে নিহত হয় ৬০ বছৰৰ উৰ্ধৰ বৃদ্ধ লোকজন। আন দুজন লোক গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় ৷নিহত লোকজন পথালিপাৰাৰ আৰাম আলী বুলি জানিব পৰা গৈছে।আনহাতে, আঘাতপ্ৰাপ্ত লোকদুজন উত্তৰ ৰাঙাপানীৰ জাহাংগীৰ আলম আৰু আমিনুল আলীক বুলি চিনাক্ত কৰা হৈছে।স্থানীয় ৰাইজে তৎপৰতাৰ তিনিওকে ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও পথালীপাৰাৰ আৰান আলী নামৰ বৃদ্ধলোকজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় আহত দুজনক।