Local, Vocal, Global

যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত এজন..

ডিজিটেল ডেস্ক:-যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা ।শনিবাৰে বিয়লি যোৰহাটৰ মালৌআলিৰ গায়নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।ডাম্পাৰ আৰু বাইকৰ মাজত মুখামুখী সংঘৰ্ষ হয়। ।বালি ভৰ্তি এখন ডাম্পাৰৰ খুন্দাত বাইকত যোৱা যুৱকৰ থিতাতে মৃত্যু হয়।জানিব পৰা মতে, নিহত যুৱকজন এলেংমৰাৰ ৰূপম বৰা।

দ্ৰুতবেগী ডাম্পাৰৰ দৌৰাত্মক লৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাইজে বালি সৰৱৰাহ কৰা এই ডাম্পাৰসমূহক নিয়ন্ত্ৰণ কৰাত আৰক্ষী, বনবিভাগ ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে। ৰাইজৰ অভিযোগ অনুসৰি নিতৌ এই পথেৰে চলাচল কৰা ডাম্পাৰসমূহ পথাচাৰীসকলৰ বাবে এক প্ৰকাৰ সন্ত্ৰাস হৈ পৰিছে।এই ঘটনা সংঘটিত হোৱাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলিত আৰক্ষীক মোটায়েন কৰা হয়।