Local, Vocal, Global

আমাৰ শৰীৰৰ বাবে তৰমুজ অতি উপকাৰী,আহক জানি লওঁ তৰমুজৰ উপকাৰিতাৰ বিষয়ে…

ডিজিটেল ডেস্ক:-তৰমুজ আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।তৰমুজত ভিটামিন-চি ৰ বৃহৎ অংশ থাকে। ই আমাৰ ইমিউন ছিষ্টেমৰ বাবে খুব গুৰুত্বপূর্ণ। এই গ্ৰীষ্মকালীন ফলটোৱে মানুহৰ শৰীৰত বহুতো উপকাৰিতা প্ৰদান কৰে। তৰমুজ এক পানীৰে সমৃদ্ধ ফল, তৰমুজে গৰমৰ পৰা সকাহ দিয়ে। ই কেৱল তৃষ্ণা নিবাৰণ নকৰে পেটৰ ভোক নোহোৱা কৰে। ইয়াৰ উপৰি ইয়াত থকা ভিটামিন এ-ই দেহত শ্বেত ৰক্ত কোষৰ উৎপাদন বৃদ্ধি কৰি ৰোগ প্রতিৰোধ ক্ষমতাও শক্তিশালী কৰে।

তৰমুজ খোৱাৰ উপকাৰীতাসমূহ হ’ল-

গ্ৰীষ্মকালত তৰমুজ খালে শৰীৰৰ তাপৰ পৰা সুৰক্ষিত কৰে আৰু শৰীৰক হাইড্ৰেটেড কৰি ৰাখে।

কেৱল তৰমুজৰ ৰঙা অংশই নহয়। ইয়াৰ বগা অংশ স্বাস্থ্যৰ বাবে উপকাৰী। বগা অংশ অৰ্থাৎ ইয়াৰ বাকলিয়ে আপোনাক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে। তৰমুজৰ বাকলিত মেগনেছিয়াম, পটাছিয়াম, কাৰ্বোহাইড্ৰেট, ভিটামিন চি, ভিটামিন এ আৰু জিংক থাকে।

Whole watermelon and slices in ceramic bowl with copy space. Shallow depth of field.

তৰমুজক ভিটামিন এ-ৰ এক ভাল উৎস বুলি গণ্য কৰা হয়, যি আপোনাৰ চকু আৰু হৃদযন্ত্ৰৰ বাবে ভাল।

তৰমুজ খালে কোষ্ঠকাঠিন্য নিৰাময় কৰিব পাৰে। কিয়নো ই আঁহ আৰু পানীৰে সমৃদ্ধ।

শৰীৰত ৰক্তহীনতা উপশম কৰাত তৰমুজ সহায়ক হ’ব পাৰে। ই হিমোগ্লোবিনৰ স্তৰ বৃদ্ধি কৰাত ভাল। ই ভিটামিন চি আৰু লোৰ পৰিমাণ সমৃদ্ধ।
তৰমুজ পটাছিয়াম সমৃদ্ধ। যি ইলেক্ট্ৰলাইট ফাংচন বাহাল ৰখাত সহায়ক। ই হৃদযন্ত্ৰৰ স্বাস্থ্য, হাড় আৰু পেশী শক্তিশালী কৰে।

ওজন হ্রাসত কৰাত তৰমুজে সহায় কৰে।তৰমুজ খালে ওজন হ্রাসতো সহায়ক হ’ব পাৰে। প্রথম, ই এটি কম কেলোৰিৰ ফল আৰু ইয়াত প্রায় ৯০ শতাংশ পানী থাকে। এনেদৰে ই কেলোৰি অবিহনেই আপোনাৰ শৰীৰ হাইড্রেট কৰে। শৰীৰ হাইড্রেটেড হোৱাৰ কাৰণে হজম ব্যৱস্থা আৰু ভাল কৰে আৰু আপোনাৰ ওজন কমিবলৈ আৰম্ভ কৰে। এইবোৰৰ উপৰি ইয়াত প্রচুৰ পৰিমাণে ফাইবাৰ থাকে৷

শৰীৰৰ অভ্যন্তৰীণ স্থানত দীর্ঘস্থায়ী প্রদাহে হৃদৰোগ, ডায়েবেটিছ বা কেন্সাৰৰ সম্ভাৱনা বঢ়াই তোলে। তৰমুজত ভিটামিন-চি আৰু ভিটামিন-এ ৰ দৰে প্রদাহ বিৰোধী গুণ আছে যিয়ে প্রদাহ বৃদ্ধিত বাধা দিয়ে।

তৰমুজত ভিটামিন-এ আৰু ভিটামিন-চি থাকে। উভয় পুষ্টিয়েই ছালক সুস্থ ৰাখিবলৈ আৰু শোতোৰা পৰাৰ দৰে বার্ধক্যজনিত লক্ষণ প্রতিৰোধত কার্যকৰী। ভিটামিন এ-ই আপোনাক গ্রীষ্মত ৰ’দৰ কাৰণে ছালৰ ক্ষতিৰ পৰা সুৰক্ষাও দিয়ে।

তৰমুজত প্রায় ৯০ শতাংশ পানী থাকে। যাৰ কাৰণে ই কিডনিৰ কার্যকাৰিতা বৃদ্ধিত সহায় কৰে।তৰমুজে কিডনিত পাথৰ আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ চিকিৎসাত সহায় কৰে। ই কিডনিক সুস্থ ৰাখে।