Local, Vocal, Global

লামডিং ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক আটক

নিউজ ডেস্ক, ২৭ মাৰ্চঃ পুনৰ লামডিং ৰে’ল আৰক্ষীৰ বৃহৎ সফলতা। দেওবাৰে নামনিমুৱা ১৫৬৬৬ নম্বৰৰ বি জি এক্সপ্ৰেছ ট্ৰেইনৰ D4 ৰ সাধাৰণ শ্ৰেণীৰ দবাৰ তিনিটা কাপোৰৰ বেগৰ পৰা লামডিং ৰে’ল আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে।

এই অভিযানত হোজাই হাবাইপুৰৰ নিবাসী মতিন আলী নামৰ এজন লোকক আটক কৰে। গাঞ্জাখিনিৰ বজাৰমূল্য প্ৰায় ৩ লক্ষাধিক টকাৰ বুলি জানিব পৰা গৈছে।

জব্দকৃত গাঞ্জাখিনি ডিমাপুৰৰ পৰা গুৱাহাটিলৈ নিয়াৰ সময়তে লামডিং আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।এই অভিযানত প্ৰায় ৩০ কেজি ওজনৰ গাঞ্জা জব্দ কৰে।


উল্লেখ্য যে, লামডিঙৰ ৰেলৱে জংচনত চলিত মাৰ্চ মাহৰ ভিতৰতে ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনী(আৰ পি এফ) ৰ যৌথ অভিযানত ৮৮ কেজি গাঞ্জা ৰেলৰ পৰা জব্দ কৰাৰ লগতে জি আৰ পিয়ে ১৭৩.৩ গ্ৰাম ব্ৰাউন চূগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷