Local, Vocal, Global

পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগচ

নিউজ ডেস্ক, ২৭ মাৰ্চ : ৰাজ্যত অব্যাহত আছে ড্ৰাগচ সৰবৰাহ ।পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগচ। হোজাইত উদ্ধাৰ হৈছে ৬০ টা চাবোনৰ পেকেট ভৰ্তি ব্ৰাউন চুগাৰ। আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই ব্ৰাউন চুগাৰৰ লগতে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগচ সৰবৰাহকাৰী দুজনৰ নাম ক্ৰমে আব্দুল চালাম (34) আৰু ইজাজুল হক (18)। হোজাইৰ টেলিবস্তিৰ এখন ফাৰ্মাচীৰ সমীপৰ পৰা উদ্ধাৰ হয় ড্ৰাগচ খিনি। ড্ৰাগচ খিনিৰ মূল্য প্ৰায় ১ কোটি টকা বুলি জানিব পৰা গৈছে। হোজাইৰ আৰক্ষী বিষয়া প্ৰাণজিৎ দুৱাৰৰ এটা দলে হোজাই টেলিবস্তিত অভিযান চলাই ড্ৰাগচ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।