Local, Vocal, Global

Will make BJP quit Delhi: ভাৰত ত্যাগ আন্দোলনৰ বাৰ্ষিকীত বিজেপিক ভাৰত ত্যাগ কৰোৱাৰ ভাবুকি মমতা বেনাৰ্জীৰ

নেশ্যনেল ডেস্ক, ৯ আগষ্ট : মমতা বেনাৰ্জীৰ ভাবুকি বিজেপিক ভাৰত ত্যাগ কৰোৱাৰ । বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঝাৰগ্ৰামৰ পৰা ভাৰত ত্যাগ আন্দোলনৰ বাৰ্ষিকীত বিজেপিক ভাৰত ত্যাগ কৰোৱাৰ ভাবুকি দিয়ে ।মমতা বেনাৰ্জীয়ে এক প্ৰত্যুত্তৰ এনেদৰে কয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক সমালোচনা কৰি কোৱা ‘ভাৰত ত্যাগ’ বিষয়টোও এককভাৱে প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে(Will make BJP quit Delhi ) ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী গৰাকীয়ে মহাত্মা গান্ধীৰ ‘ভাৰত ত্যাগ’ শ্লোগান ব্যৱহাৰ কৰি বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক আক্ৰমণ কৰি আহিছে । বিগত কেইদিনমানৰ পৰা তেওঁ এই বিষয়টোত অধিক চৰ্চা হৈ আছে । প্ৰধানমন্ত্ৰীয়ে কৈছিল “মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ কৰা বুলি কোৱাৰ দৰে বৰ্তমানৰ শ্লোগানটো হ’ব লাগে দুৰ্নীতি ভাৰত ত্যাগ কৰা, ৰাজবংশ ত্যাগ কৰা, ইণ্ডিয়াই ৰাজনীতি ত্যাগ কৰা । ইণ্ডিয়াই ভাৰত ত্যাগ কৰিলে দেশখন বাচিব আৰু দেশখন উন্নত হ’ব ।”

প্ৰধানমন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঝাৰগ্ৰাম মঞ্চৰ পৰা তেওঁৰ বক্তব্যৰ ওপৰত তীব্ৰ সমালোচনা কৰে ।লগতে কয় , “ভাৰত ত্যাগ কৰক বুলি তেওঁলোকে কৈছে । আমি ভাৰত ত্যাগ কৰাৰ প্ৰয়োজন নাই । মই এই দেশৰ আৰু এইটো এটা আন্দোলন । গান্ধীজীক পাহৰি গৈছে তেওঁলোকে । ব্ৰিটিছে ভাৰত এৰি যাওক গান্ধীজীয়ে কৈছিল আৰু এইটো তেওঁৰ সপোন আছিল । ব্ৰিটিছসকলক স্বাধীনতা সংগ্ৰামীসকলে ভাৰত এৰিবলৈ বাধ্য কৰিছিল । আমি স্বাধীনতা বিচাৰিছিলোঁ ।” মমতা বেনাৰ্জীয়ে কয়(On Quit India day we pledge to make BJP quit Delhi) ।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে গৰাকীয়য়ে ভাৰত ত্যাগ আন্দোলনৰ বাৰ্ষিকীত বিজেপিক বহিষ্কাৰ কৰিবলৈও আহ্বান জনায় । লগতে কয় য়ে ,”কেন্দ্ৰীয় বঞ্চনাৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব আমাৰ । মই কেন্দ্ৰীয় চৰকাৰক কৈছোঁ যে দিল্লী এৰি যাওক বিজেপিয়ে । ভাৰত ত্যাগ কৰক বিজেপিয়ে । আপোনালোকৰ শাসনত থকাৰ অধিকাৰ নাই । কিয়নো দলিতসকলক অত্যাচাৰ কৰিছে আপুনি । মণিপুৰ জ্বলি আছে কিন্তু কেন্দ্ৰ নিৰ্বিকাৰ ভূমিকা পালন কৰি আছে । তেওঁলোকৰ মাত্ৰ এটাই চিন্তা সাম্প্ৰদায়িক সংঘৰ্ষৰ দ্বাৰা দেশখন টুকুৰা-টুকুৰ কৰি পেলোৱাটো(we pledge to make BJP quit Delhi Bengal CM Mamata Banerjee) ।”

ঝাৰগ্ৰামৰ তিনিদিনীয়া ভ্ৰমণৰ সময়ত মমতা বেনাৰ্জীয়ে মণিপুৰ বিষয়ক লৈ বিজেপিক তীব্ৰ আক্ৰমণ কৰে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মণিপুৰৰ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ নোহোৱাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰক দোষী সাব্যস্ত কৰে আৰু তীব্ৰ সমালোচনা কৰে ।

উল্লেখ্য যে , বুধবাৰে ভাৰত ত্যাগ আন্দোলনৰ বাৰ্ষিকীত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়তে বিজেপিক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ” লগতে মমতাই কয় যে “মণিপুৰৰ লোকসকল সংকটৰ সন্মুখীন হৈছে । তেওঁলোকৰ দুৰ্দশাৰ কথা শুনিবলৈ কাৰো আহৰি নাই । ভাৰত ত্যাগ দিৱসৰ দিনা প্ৰতিশ্ৰুতি দিছোঁ আমি যে বিজেপিক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰোৱাম আমি(Mamata Banerjee pledge on Quit India anniversary)।

লগতে পঢ়ক : Rahul Gandhi in Parliament : সংসদ চলি থকাৰ সময়তে ‘ফ্লায়িং কিছ’দি বিতৰ্কত ৰাহুল গান্ধী