Local, Vocal, Global

Three students missing: ধুবুৰী জিলাৰ আগমনি থানাত উত্তপ্ত পৰিস্থিতি

ধুবুৰী,৯ আগষ্ট : ধুবুৰীত চাঞ্চল্যকৰ পৰিৱেশ। ধুবুৰী জিলাৰ আগমনি থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ধুবুৰীত একেদিনাই ৩গৰাকী ছাত্ৰী নিৰুদ্দেশৰ ঘটনাৰ কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ(students go missing from dhubri on the same day)।

জানিব পৰা মতে, ৮ দিন‌ আগতে সন্ধানহীন হৈছিল তিনিগৰাকী ছাত্ৰী । কিন্তু ৮ দিন উকলি যোৱাৰ পাছতো ধুবুৰী আৰক্ষীয়ে নিৰুদ্দেশ হোৱা ছাত্ৰী কেইগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ।

আৰক্ষীৰ তদন্ত লেহেমীয়া গতিৰ কাৰণে আজি ধুবুৰী জিলাৰ আগমনি থানাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ(Three students missing)।

বুধবাৰে কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ লগতে স্থানীয় ৫ শতাধিক লোকে আগমনি থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আৰক্ষীৰ তদন্ত লেহেমীয়া গতিৰ বাবে আক্ৰাছু নেতাই হুংকাৰ প্ৰদান কৰে । আক্ৰাছু নেতাই ধুবুৰী আৰক্ষীয়ে আগন্তক ৩ দিনৰ ভিতৰত নিৰুদ্দেশ ছাত্ৰীকেইগৰাকীক উদ্ধাৰ কৰিব নোৱাৰিলে গণতান্ত্ৰিক আন্দোলনৰ কৰাৰ হুংকাৰ দিয়ে(3 students go missing from dhubri on the same day) ।

উল্লেখ্য যে, যোৱা ২ আগষ্টত আবেলি সন্ধানহীন হৈছিল আগমনি আৰু হালাকুৰাৰ ৩গৰাকী ছাত্ৰী। ছাত্ৰী কেইগৰাকী গোলকগঞ্জৰ বিষখোৱা পঞ্চম খণ্ডৰ বিষ্ণু চৰণ বৰ্মনৰ কন্যা বিনা বালা ৰায় (২০) , আগমনিৰ সিন্দুৰাই প্ৰথম খণ্ডৰ কমলেশ্বৰ অধিকাৰীৰ কন্যা মামনি অধিকাৰী (২০)আৰু আৰু হালাকুৰা খেৰবাৰীৰ মনোৰঞ্জন বেপাৰীৰ ছোৱালী মৌছুমী বেপাৰী বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Two students missing : দুই ভাতৃ-ভগ্নী নিৰুদ্দেশ