Local, Vocal, Global

১.৫ লাখ কণ্ডম বিতৰণ কৰা হ’ব  অলিম্পিকৰ খেলুৱৈসকলক

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ মাজত মাথোঁ কেইটামান দিন বাকী। মহামাৰী ক’ভিড–১৯ৰ ধাৰাবাহিক সংক্রমণে এবছৰলৈ পিছুৱাই দিয়া টকিঅ’ অলিম্পিক অৱশেষত ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব।

টকিঅ’ অলিম্পিকক লৈ শেহতীয়াকৈ কিছুমান আকৰ্ষণীয় বাতৰি পোহৰলৈ আহিছে, যিবোৰ খেলৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত নহয়।

টকিঅ’ অলিম্পিকৰ খেলুৱৈসকলক ক’ভিড-১৯ মহামাৰীৰ মাজত ১.৫ লাখ কণ্ডম প্ৰদান কৰা হ’ব।
১৯৮৮ চনৰ পৰা এইচ.আই.ভি. আৰু এইডছৰ দৰে যৌন ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে কণ্ডম বিতৰণ খেলৰ এক অংশ হৈ আহিছে। এটা গৱেষণা অনুসৰি, ৭৫ শতাংশ অলিম্পিক প্ৰতিযোগীয়েই যৌন সম্ভোগ কৰে।

টকিঅ’ অলিম্পিকৰ খেলসমূহ ৮ আগষ্টত সমাপ্ত হ’ব। ইপিনে এইবাৰৰ টকিঅ’ অলিম্পিকত ২০৫ খন দেশে অংশগ্ৰহণ কৰিব।