Local, Vocal, Global

মহা অম্বুবাচী আজিৰে পৰা…

আজি পৰা শক্তিপীঠ কামাখ্যা ধামত পবিত্ৰ অম্বুবাচী। কিন্তু কোভিড মহামাৰীৰ সংক্ৰমণৰ বাবে নীলাচলৰ বুকুলৈ এইবাৰো আগমণ নহয় দেশ-বিদেশৰ সাধু-সন্ন্যাষী তথা মা কমাখ্যাৰ ভক্তসকল। কোভিড সংক্ৰমণৰ বাবে এইবাৰো অনুষ্ঠিত নহয় অম্বুবাচী মেলা। কেৱল কামাখ্যা ধানৰ পুজাৰীয়ে অনুষ্টুপীয়াকৈ ৰীতি নীতিহে সম্পন্ন কৰিব। পূৰ্বৰ দৰে কামাখ্যা ধামালৈ এই সময়চোৱাত আহিব নোৱাৰিব সাধাৰন দৰ্শনাথি।

পঞ্জিকা অনুসৰি মঙ্গলবাৰৰ দিনৰ ২ বাজি ৬ মিনিট ৭ ছেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ’ব। আনহাতে ২৬ জুন শনিবাৰে নিশা ২ বাজি ২৯ মিনিট ৯ ছেকেণ্ডত হ’ব নিবৃ্ত্তি। প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ মাজৰ এই গোটেই সময়চোৱা অৰ্থাত ২৩, ২৪ ২৫ তাৰিছে কামাখ্যা ধামৰ মুল দুৱাৰ বন্ধ থাকিব।

ইফালে মহা অম্বুবাচী উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জড়িয়তে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে।