Local, Vocal, Global

Odisha road accident : ওড়িশাত ভয়ংকৰ পথ দুৰ্ঘটনা ! নিহত ১২গৰাকীকৈ যাত্ৰী,আহত কেইবাগৰাকী

নেশ্যনেল ডেস্ক, ২৬জুন : বিপদে যেন লগ এৰা নাই ওড়িশাবাসীক ৷ এটাৰ পাছত আনটো অঘটন সংঘটিত হ’বলৈ ধৰিছে ওড়িশাত ৷ ওড়িশাৰ ৰে’ল দুৰ্ঘটনা মাৰ নৌযাওঁতেই সোমবাৰে পুৱাই শুনা গ’ল কান্দোনৰ ৰোল ৷

প্ৰাপ্ত তথ্য অনুসৰি,সোমবাৰে পুৱাই পুনৰ সংঘটিত হ’ল আন এক ভয়াৱহ দুৰ্ঘটনা। ওড়িশাৰ গঞ্জাম জিলাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। জানিব পৰা মতে,ওড়িশাৰ গঞ্জাম জিলাত দুখন বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।সংঘৰ্ষ ইমানে ভয়াৱহ আছিল যে যাত্ৰীবাহী বাছখনৰ ১২গৰাকীকৈ ব্যক্তি নিহত হোৱাৰ লগতে আহত হয় ৮ গৰাকীকৈ লোক( Odisha road accident) ।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, সোমবাৰে পুৱতি নিশা বেৰহামপুৰ-তপ্তপানী পথৰ ডিগাপাহাণ্ডী অঞ্চলৰ সমীপত ওড়িশাৰ ৰাজধানী চহৰ ভূৱনেশ্বৰলৈ গৈ আছিল ওড়িশা ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছখন, ইফালে বেৰহামপুৰ অঞ্চলৰ খাণ্ডাদেউলি গাঁৱৰ পৰা ব্যক্তিগত বাছখনত বিবাহ যাত্ৰীৰ দলৰ বাছখন আহি আছিল ৷তেনে সময়তে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো(State Road Transport Corporation bus and private bus) ৷ ।ফলত দুৰ্ঘটনা সংঘটিত হোৱা বাছকেইখন ছিন্ন-ভিন্ন হয়।এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে।

উল্লেখ যোগ্য যে, দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক আৰু আৰম্ভ কৰে উদ্ধাৰ অভিযান(12 killed in Odisha bus accident)।

অৱশ্যে স্থানীয় লোক তথা প্ৰত্যক্ষদৰ্শীৰ সহায়ত আহত লোকসকলক ততাতৈয়াকৈ এম্বুলেঞ্চ সেৱাৰ জৰিয়তে বেৰহামপুৰৰ এম কে চি জি মেডিকেল কলেজ এণ্ড হাস্পতাল(MKCG Medical College & Hospital in Berhampur)ত ভৰ্তি কৰোৱা হয় । আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, গঞ্জাম জিলা প্ৰশাসনে চিকিৎসাৰ বাবে প্ৰতিজন আহত ব্যক্তিলৈ ৩০ হাজাৰ টকা ঘোষণা কৰিছে ৷ ইফালে মুখামন্ত্ৰী নবীন পাটনায়কে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ আত্মীয়ক ৩ লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ লগতে আহতসকলৰ বাবে বিনামূলীয়া চিকিৎসাৰ কথা ঘোষণা কৰে(Odisha Chief Minister Naveen Patnaik) ৷

লগতে পঢ়ক :Ambubachi Mela 2023 : আজি মা কামাখ্যাৰ মহা নিবৃত্তি