Local, Vocal, Global

Ambubachi Mela 2023 : আজি মা কামাখ্যাৰ মহা নিবৃত্তি

গুৱাহাটী, ২৬জুন : খোল খালে মা কামাখ্যাৰ দুৱাৰ। চাৰিদিনৰ অন্তত আজি পুৱা ৫বজাত খুলি দিয়া হ’ল মা কামাখ্যাৰ দুৱাৰ । ২৩ জুনৰ নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হৈছিল অম্বুবাচী প্ৰবৃত্তি। লগে লগে পৰম্পৰাগত ৰীতি-নীতিৰে বন্ধ হয় মা কামাখ্যা মন্দিৰৰ দুৱাৰ(Ambubachi Mela)।

আজি মহা নিবৃত্তি ।সেই উপলক্ষে পুৱাই ৫ বজাতেই ভক্তৰ বাবে মুকলি কৰি দিয়া হ’ল মা কামাখ্যাৰ দুৱাৰ ।দেৱী দৰ্শনৰ বাবে নিশাৰে পৰা শাৰী পাতিলে সহস্ৰাধিক ভক্তই (Ambubachi Mela 2023) ।

২৩জুনৰ পৰা আৰম্ভ হৈছিল অম্বুবাচী মেলা। নীলাচল পাহাৰলৈ আগমান ঘটিলছিল শশ ভক্তৰ । দেশ-বিদেশৰ অসংখ্য ভক্ত, সাধু-সন্যাসীৰ সমাগামেৰে উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু । এই উথপথপৰ মাজতে আৰম্ভ হৈছিল বিখ্যাত অম্বুবাচী মেলা। দিনে নিশাই চলিছে মা কামাখ্যাৰ আৰাধানা ।পুৱা স্নানকৰণ, সুদ্ধিকৰণ আৰু নিত্য পূজাৰ পাছতেই ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে মা কামাখ্যাৰ দুৱাৰ।

উল্লেখ্য যে, ২৬ আৰু ২৭ জুনত সাধাৰণ ভক্তৰ দৰেই সকলোৱে কৰিব লাগিব মা কামাখ্যাৰ দৰ্শন। আজি মা কামাখ্যা মন্দিৰত দৰ্শনৰ বাবে VIP আৰু VVIP ৰ বাবে নাথাকিব বিশেষ ব্যৱস্থা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক : International day of drug abuse : ড্ৰাগছ মুক্ত হওক সমাজ