Local, Vocal, Global

ধিক মানৱতা! ধনু-কাঁড়ৰে বনৰীয়া হাতীক আক্ৰমণ উম্মাদ একাংশৰ

ধিক মানৱতা! নিৰ্দয় মানৱ জাতি! কেৰালা নহয় এইবাৰ অসমত সংঘটিত মানুহৰ বনৰীয়া হাতীক আক্ৰমণৰ ঘটনা। একাংশ নিৰ্দয় লোকে ধনুকাঁড় লৈ আক্ৰমণ কৰিলে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীক।

নুমলীগড়ৰ বিভিন্ন স্থানত অব্যাহত হাতী-মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে জনাঞ্চলত। কিন্তু ইয়াৰ মাজতে সংঘটিত হ’ল এক চৰম অবাঞ্চিত তথা হৃদয়-বিদাৰক ঘটনা। একাংশ উম্মাদ লোকে জনাঞ্চলত প্ৰৱেশ কৰা হাতী জাকৰ ওপৰত ধনুকাড়ৰে আক্ৰমণ চলায়। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় এটা বনৰীয়া হাতী। ধনুকাঁড়ৰ আক্ৰমণৰ পিছতে ছটফটাই আৰ্তনাদ কৰি ফুৰে দুৰ্ভগীয় হাতীটোৱে।

স্থানীয় একাংশই প্ৰকাশ কৰা অনুসৰি নুমলীগড়ত নিত্য-নৈমিতিক ঘটনাত পৰিণত হৈছে হাতী-মানুহৰ সংঘাতৰ ঘটনা। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে শালিধানৰ খেতি খোৱাৰ লগতে ভাঙি তচনচ কৰি আহিছে মানুহৰ বাসগৃহ। স্থানীয় গঞাই বন বিভাগক বহুবাৰ অৱগত কৰিছে যদিও বন বিভাগে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে।