Local, Vocal, Global

কমলপুৰত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

কামৰূপৰ কমলপুৰত তীব্ৰ চাঞ্চল্য। কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাৰেগাঁৱত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ। বাৰেগাঁৱৰ পুৰণি মছজিদৰ সমীপৰ কলাজল নৈত উটি অহা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। ৰাইজে ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। জানিব পৰা অনুসৰি নকুছি গাঁৱৰ এগৰাকী সন্ধানহীন বৃদ্ধৰ সন্ধানত স্থানীয় ৰাইজে বিচাৰি থকা অৱস্থাতে অচিনাক্ত ব্যক্তিৰ মৃতদেহটো প্ৰত্যক্ষ কৰে।

ঘটনাস্থলীত কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃনাল কুমাৰ দাস উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত উপস্থিত হোৱা কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড° অংকিতা শৰ্মাক অৱগত কৰে যে মৃতদেহটোৰ বিভিন্ন স্থানত আঘাতৰ চিন আছে। প্ৰত্যক্ষদৰ্শীয়ে বৃদ্ধগৰাকীক হাতে-ভৰি বান্ধি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।