বাঢ়নী পানীত শলিল সমাধি

নুমলীগড়ৰ কাষৰীয়া দুসোঁতিমুখ গাঁও পঞ্চায়তৰ পাঠৰীৰ কাঞ্চা চাপৰিত অঘটন। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত নাও ডুবি এজন মেধাৱী ছাত্ৰৰ কৰুণ মৃত্যু। দ্বাদশ শ্ৰেণীৰ ত অধ্যানৰত ছাত্ৰজনৰ নাম সুনীল মিলি। ব্ৰহ্মপুত্ৰৰ বলীয়া বানত ডুবি থকা নিজ ঘৰৰ সামগ্ৰী উদ্ধাৰ কৰি থাকোঁতেই সংঘটিত হয় এই কৰুণ ঘটনাটো। পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিতহৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে মৃত্যুৰ পাছতো যেন দুৰ্দশাই লগ নেৰিলে দুৰ্ভগীয়া সুনীল মিলিৰ পৰিয়ালক। মৃতদেহটো নিবলৈ এম্বুলেন্সক দিবলৈও নাই পইচা। উপায়ন্তৰ এই সকল বন্যাৰ্ত পৰিয়ালে আনৰ পৰা পইচা লৈ বহু পলমকৈ হে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব পাৰিলে মৃতদেহ।