Local, Vocal, Global

কলিয়াবৰত  প্ৰহসনত পৰিণত পানী যোগান আঁচনি

কলিয়াবৰত  প্ৰহসনত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি।  কলিয়াবৰ মহকুমাৰ হাতীগাওঁস্হিত পানী যোগান আঁচনিখন দেখিলেই গম পাই প্ৰকৃততে পানী যোগানৰ নামত চলিছে কি ?  এই অভিলাষি আঁচনিখনৰ আচবাব সমুহ উৱলি যোৱাৰ লগতে টেংকীত জমা হৈ থকা পানীত এতিয়া সাপ,ভেকুলীৰহে বাসস্থান হৈছে। আনহাতেদি আঁচনিখনৰ গাতে লাগি থকা চৰকাৰী আবাসগৃহটোও বৰ্তমান ভূত বাংলালৈ পৰিণত হোৱা  পৰিলক্ষিত হৈছে। উল্লেখ্য যে আঁচনিখন চোৱা চিতা কৰিবলৈও নাই এজনো স্থায়ী কৰ্মচাৰী। এজন অস্থায়ী কৰ্মচাৰীয়ে বৰ্তমান চোৱা চিতা কৰি আহিছে যদিও আজিকোপটি লাভ কৰা নাই চৰকাৰী এটা টকাও । আনহাতেদি আচঁনিখনৰ অধীনত নিজৰি গাঁৱত মাত্ৰ তিনিটাহে টেপ থকাৰ অভিযোগ তুলিছে স্থানীয় লোকে