Local, Vocal, Global

নুমলীগড়ত ফাৰ্মাচিত কৰ্মৰত যুৱকৰ দেহত কোভিড ১৯ পজিটিভ

নুমলীগড় এখন ব্যক্তিগত চিকিৎসালয়ত কৰোনাৰ আতংক । চিকিৎসালয়খনৰ এজন ফাৰ্মাচিত কৰ্মৰত যুৱক কোভিড ১৯ পজিটিভ পোৱা গৈছে ।যুৱকজনৰ  সংস্পৰ্শলৈ অহা ১৫ জনৰ স্বাৱ সংগ্ৰহ কৰা হৈছে । নুমলীগড় NRL ৰ বিবেকানন্দ চিকিৎসালয়ৰ ‘’প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ’’ এজন যুৱকৰ দেহত কৰোনা পজিটিভ । যুৱক জনৰ দেহত কৰোনা পজিটিভ ধৰা পৰাৰ লগে লগে চিকিৎসালয় খনত এক আতংকময় পৰিৱেশে বিৰাজ কৰে । চিকিৎসালয় খনৰ চৌহদত থকা ‘’প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ’’ কৰ্মচাৰী বেদান্ত ঠাকুৰ নামৰ যুৱক জনৰ  দেহত কৰোনা পজিটিভ ধৰা পৰে । যুৱক জন চিকিৎসালয় খনৰ বহু কৰ্মচাৰী তথা বহু লোকৰ  সংস্পৰ্শলৈ অহাৰ সন্দেহ। যাৰ বাবে স্বাস্থ্য বিভাগ,প্ৰশাসনে চিকিৎসালয় খনৰ প্ৰায় ১৫ জন লোকৰ  স্বাৱ সংগ্ৰহ কৰাৰ লগতে সৰ্বসাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰে চিকিৎসালয় খনত । অন্যান্য সকলো চিকিৎসা সেৱা বন্ধ কৰি বৰ্তমান কেৱল জৰুৰীকালীন আৰু প্ৰসূতি বিভাগৰ চিকিৎসা সেৱা চলাই আছে চিকিৎসালয় খনত ।