নুমলীগড় ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

নুমলীগড়ৰ কাষৰীয়া তামুলিপথৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । পথৰ কাষৰ দ’ খাৱৈত পৰিল যাত্ৰীসহ TATA MANJA গাড়ী। চাৰিলেনযুক্ত নিৰ্মীয়মান পথটোত কোনো সুৰক্ষা চিহ্ন নিদিয়াকৈয়ে উন্মুক্ত কৰি ৰখাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাটোত গাড়ীখনত থকা তিনিজন যাত্ৰী ক্ৰমে পাপু দত্ত, মানস শইকীয়া আৰু ৰোহিত বাছফৰ নামৰ লোককেইজন কথমপি ৰক্ষা পৰে।