Local, Vocal, Global

তিনিচুকীয়া জিলাত কৰ’নাৰ কালৰূপ

তিনিচুকীয়া জিলাত কৰ’নাৰ কালৰূপ। তিনিচুকীয়াত প্ৰতিদিনে কৰ’নাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন চৰকাৰ-প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী । কালি পুনৰ তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱজিৎ কাকতি আৰু অতিৰিক্ত মেডিকেল হেল্থ অফিচাৰ ৰমেন সোণোৱাল কৰ’নাত আক্ৰান্ত বুলি চিনাক্ত হয় ৷ তাৰোপৰি  মঙলবাৰে কৰ’নাত আক্ৰান্ত তিনিচুকীয়া জিলাৰ ষষ্ঠজন ব্যক্তিৰ মৃত্যু ঘটে ।মাকুমৰ বিশ্বনাথ প্ৰসাদ নামৰ ৫৮ বছৰীয়া এপৰাকী ব্যক্তি মঙলবাৰে চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে ৷