Local, Vocal, Global

নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

নুমলীগড়ৰ সমীপৰ বনগাঁৱৰ 39 নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এক  ভয়ংকৰ পথ দুৰ্ঘটনা। নুমলীগড়ৰ সমীপৰ বনগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এএচ-০১ ডিচি- ২৫৭৩ নম্বৰৰ এখন মালবাহী ট্ৰাক আৰু এএচ ০৫ ডি ৪৬২৩ নম্বৰৰ গ্লেমাৰ মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এগৰাকী লোক। মটৰচাইকেলৰ আৰোহীজন থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বৰভাবে আহত হয়  আন এজন লোক । আহত জনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে  কমাৰগাঁও আৰক্ষীয়ে । জানিব পৰা মতে মটৰচাইকেল খন কমাৰগাঁৱৰ দিশে আৰু ট্ৰাকখন যোৰহাটৰ দিশে গৈ আছিল।  নিহত আৰু আহত জনৰ ঠিকনা গোলাঘাট শালিকীহাত গুৱাল গাঁৱৰ বুলি জানিব পৰা গৈছে যদিও তেওঁলোকৰ সঠিক পৰিচয় জানিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।