Local, Vocal, Global

কাৰ্বি আংলং আৰক্ষীৰ জালত পুনৰ মণিপুৰী গাড়ীচুৰি চক্ৰ

দেশৰ বিভিন্ন প্রান্তৰ পৰা কৌশলেৰে চুৰি কৰি অনা বাহনসমূহ অসমৰ মাজেৰে চুবুৰীয়া ৰাজ্যলৈ সৰবৰাহ কৰা বৃহৎ গাড়ী চুৰি চক্রৰ বিৰুদ্ধে কার্বি আংলং জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। শেহতীয়াকৈ ভালেসংখ্যক চুৰি বাহনসহ কেইবাটাও দুৰ্ধৰ্ষ গাড়ীচোৰ মাঞ্জা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে শুক্ৰবাৰৰে পৰা চলা এক বিশেষ অভিযানত পুনৰ এক বৃহৎ গাড়ীচোৰ চক্রক জালত পেলাবলৈ সক্ষম হোৱাৰ লগতে চাৰিখনকৈ বিলাসী বাহন উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে, এক গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত শুক্ৰবাৰে ধনশিৰি থানাৰ আৰক্ষীয়ে তালাচী চলাই এখন চুৰি স্কৰপিঅ’ আৰু এখন চুৰি বলেৰ’ জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন গাড়ীচোৰৰ আৰক্ষীয়ে লাভ কৰে বহু ভয়ংকৰ তথ্য। আন দুখন চুৰি গাড়ী অসমত প্রৱেশ কৰাৰ তথ্যও লাভ কৰে আৰক্ষীয়ে।

উক্ত তথ্যৰ ভিত্তিত ধনশিৰি থানাৰ ভাৰপ্রাপ্ত বিষয়া বাজু ছেত্রী আৰু মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত যোৱা নিশা আৰক্ষীৰ এটা দলে মৰিগাঁও জিলাৰ ধৰমতুল থানাৰ আৰক্ষীৰ সহযোগত গাড়ীচোৰ চক্রৰ বিৰুদ্ধে অভিযান চলায়। উক্ত অভিযানত ধৰমতুল থানাৰ সমীপতে এখন মণিপুৰী ধাৱাত আহাৰ গ্রহণ কৰি থকা অৱস্থাত এখন চুৰি ক্রেটা আৰু এখন চুৰি বলেৰ’ জব্দ কবিবলৈ সক্ষম হয়।

গাড়ীচোৰ চক্রৰ বিৰুদ্ধে শুক্ৰবাৰে চলোৱা অভিযানত আৰক্ষীয়ে মুঠ ৪খনকৈ বাহন জব্দ কৰাৰ লগতে চাৰিটাকে দুৰ্ধৰ্ষ গাড়ীচোৰকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত গাড়ীচোৰকেইটা ক্রমে মণিপুৰৰ ইম্ফলৰ ইগংগ সিং (৩৫), ৰাই ৰৌশন সিং ওৰফে অৰ্জুন(৩৩), ৰজীকান্তা সিং(৩৩) আৰু থৌবাল জিলাৰ ৱাইখম টম্বা সিং বুলি চিনাক্ত কৰা হৈছে। শনিবাৰে ধৃত চোৰকেইটাক ডিফু আদালতত হাজিৰ কৰাৰ পূৰ্বে ডিফু চিকিৎসা মহাবিদ্যালয় কৰ’নাৰ বাবে SWAB টেষ্ট সমপন্ন কৰে ।