Local, Vocal, Global

‘সুকীয়া পতাকা আৰু সংবিধানৰ অবিহনে নগা শান্তি চুক্তি গ্ৰহণযোগ্য নহ’ব’ -NSCN(IM)

নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা কেন্দ্ৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটৰ মাজৰ অন্তিম তথা গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে ভাৰত চৰকাৰক নাগালিমৰ সুকীয়া পতাকা আৰু সংবিধানৰ সন্দৰ্ভত পুনৰ নিজৰ স্থিতি কথা স্পষ্ট কৰিছে ইছাক -মুইভা গোটে। বিগত ২৩ বছৰ ধৰি চলি থকা নগা শান্তি আলোচনা আৰু নগা ৰাজনৈতিক সমস্যাটোৰ সমাধানৰ সন্দৰ্ভত নিজৰ শেহতীয়া বক্তব্যত শুক্ৰবাৰে এন এছ চি এন আই এমে কৈছে যে নগা সুকীয়া পতাকা আৰু ইয়েহজাবো অৰ্থাৎ সংবিধানৰ অবিহনে শান্তি চুক্তি হলে সেয়া গ্ৰহণযোগ্য আৰু সন্মানজক নহ’ব। সেয়ে ভাৰত চৰকাৰে ২০১৫ চনৰ ৩ আগষ্টত সম্পাদিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট আধাৰত চূড়ান্ত নগা চুক্তি স্বাক্ষৰ কৰা উচিত।

শুক্ৰবাৰে ডিমাপুৰৰ কেম্প হেব্ৰনৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত গৰ্ভমেণ্ট পিপলছ ৰিপাব্লিক অৱ নাগালিম চৰকাৰৰ যুটীয়া বৈঠকত অনুষ্ঠিত হয়। বৈঠকত নগা জনসাধাৰণৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰৰ বিষয়বোৰ ইণ্ডো-নগা ৰাজনৈতিক আলোচনাত পৰ্যায় সন্দৰ্ভত পৰ্যালোচনা কৰা হয় লগতে এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰী আৰ এন ৰবিৰ সৈতে ইছাক-মুইভা গোটৰ মাজত কেতবোৰ মতবিৰোধৰ সৃষ্টি হোৱাত বৰ্তমান শান্তি আলোচনা চূড়ান্ত পৰ্যায়ত উপণীত হোৱাৰ পিছতো অচল পৰিছে। কেম্প হেব্ৰনৰ পৰা জাৰি কৰা এক প্ৰেছবাৰ্তাত কোৱা হৈছে যে ইণ্ডো-নগা ৰাজনৈতিক সমস্যাৰ সমাধান হবলৈ হলে সুকীয়া নগা জাতীয় পতাকা আৰু সংবিধান থাকিব লাগিব। তদুপৰি ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰ হ’ব লগা চুড়ান্ত চুক্তিয়ো ২০১৫ চনৰ ৩ আগষ্টৰ ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ আধাৰত হ’ব। এন এছ চি এনে দাবী কৰিছে যে ভাৰত চৰকাৰে ২০১৫চনৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ জৰিয়তে নগাসকলৰ সাৰ্বভৌমত্ব অধিকাৰৰ দাবী মানি লৈছে। য’ত কোৱা হৈছিল নগাসকলে ভাৰত আৰু নগালিমে পৃথক সংস্থা হিচাপে সহ অৱস্থান কৰিব কিন্তু ভাৰতৰ সৈতে বিলীন হৈ নাযায় ।

ইফালে যোৱা সপ্তাহত এন এছ চি এনৰ ষ্টেয়িং সমিতিৰ সমন্বয়ক হোটভি ছিছিয়ে কৈছিল যে নগাসকলৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰৰ সৈতে কোনোধৰণৰ আপোচ কৰা নহ’ব। যিহেতু ভাৰত চৰকাৰে ২০০২ চনৰ ১১ জুলাইত আষ্টাৰডামত সম্পাদিত চুক্তিত নগাসকলৰ ইতিহাস আৰু অতুলনীয় বিশিষ্টতাক মান্যতা দি নগা সমস্যা ভাৰত আইন শৃংখলা সমস্যা নহয় বুলি মানি লয় আৰু ইয়াক ৰাজনৈতিক আলোচনাৰ জৰিয়তে সমাধানৰ পোষকতা কৰিছিল। ইফালে এন এছ চি এনৰ এনে বক্তব্যৰ মাজতে নগা চূড়ান্ত চুক্তিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিদ্ৰোহী সংগঠনটোৰ সম্পাদক থুইংগালেং মুইভা আৰু সভাপতি কিউ টুচ্ছু সহ সামূহিক নেতৃত্বতৰ এটি ১৫ জনীয়া দলে ইতিমধ্যে নতুন দিল্লীত বাহৰ পাতি আছে ।

সমান্তৰালভাৱে ছয় নগা নেচনেল পলিটিকেল গ্ৰুপ, ৱৰ্কিঙ কমিটি আৰু নগা মাদাৰ এছচিয়েচন দলো কালি দিল্লীত উপস্থিত হৈছে। জানিব পৰা অনুসৰি ভাৰত চৰকাৰে এন এছ চি এন আই এমৰ সৈতে যদি সুকীয়া পতাকা আৰু সংবিধানৰ বিষয় দুটা নিস্পত্তি বা সহমতত উপনিত হ’ব পাৰে তেনেহলে চলিত ছেপ্টেম্বৰ মাহত নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ চুড়ান্ত চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত ভাৰত চোৰাংচোৱা সংস্থাৰ বিষয়া এন এছ চি এন আই এমৰ ধাৰাবাহিক অনা অনুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈ আছে। ইফালে এন এন জি পি অৰ্থাৎ নগা নেচনেল পলিটিকেল গ্ৰুপে সুকীয়া পতাকা আৰু সংবিধানৰ অবিহনে চূড়ান্ত নগা চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে। ভাৰত চৰকাৰে নগা চুক্তি দক্ষতাৰ সবিশেষ সম্পৰ্কে ইতিমধ্যে নগা গাওঁবুঢ়া ফেডাৰেচন, এন এন জি পি ,ডব্লিউ চি , টাইবেল হোহো, নাগৰিক সমাজ, নগা মাদাৰ এছচিয়েচনক অৱগত কৰিছে। এতিয়া মাথো সুকীয়া পতাকা আৰু সংবিধানৰ বিষয় দুটা গতিৰোধ দূৰ হলেই যিকোনো মুহূৰ্তত সাতদশকজোৰা নগা ৰাজনৈতিক সমস্যাটোৰ সমাধানৰ চুড়ান্ত চুক্তি স্বাক্ষৰ হ’ব পাৰে বুলি জানিব পৰা গৈছে ।