Local, Vocal, Global

ব্লাড কেন্সাৰত ভুগি মৃত্যুৰ সৈতে যুঁজিছে তেজপুৰৰ এগৰাকী মেধাৱী ছাত্ৰী 

ব্লাড কেন্সাৰত ভুগি মৃত্যুৰ সৈতে যুঁজিছে তেজপুৰৰ মেধাৱী যুৱতী। যুৱতী গৰাকীৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন। ভেটিমাটি বিক্ৰী কৰি চিকিৎসা কৰিও সুফল পোৱা নাই পৰিয়ালে, দিশহাৰা দুৰ্ভগীয়া পৰিয়ালটো। এতিয়া প্ৰয়োজন চৰকাৰ, প্ৰশাসন তথা সদাশয় ৰাইজৰ সহায়।

তেজপুৰ ডিপোটা নিবাসী টংকেশ্বৰ বৰাৰ কন্যা বণিতা বৰা বিগত কিছুদিনৰ পৰাই ব্লাড কেন্সাৰত আক্রান্ত হৈ আছে। বৰ্তমান যুৱতীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে বৰ্তমানেও বহু অৰ্থৰ প্ৰয়োজন। যুৱতীৰ চিকিৎসা সৰ্বস্বান্ত এতিয়া পৰিয়ালৰ লোকে বিচাৰিছে ৰাইজৰ সহায়। কোনো সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ায় তেন্তে নিশ্চয়কৈ পৰিয়ালটো উপকৃত হ’ব।

যুৱতীগৰাকীৰ  সহায়ৰ বাবে নিম্নলিখিত ৰোগীজনৰ আত্মীয় মিন্টু দত্তৰ নামত থকা ভাৰতীয় ষ্টেট বেংক ৰঙাপাৰা শাখাৰ 38474012969 আৰু IFSC SBIN0003883 নম্বৰত।