Local, Vocal, Global

NCHAC Election Dates Announced : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্ক, ১২ডিচেম্বৰ : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা । মঙলবাৰে ৰাজ্যৰ নিৰ্বাচন আয়োগে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰে।

মঙলবাৰে নিৰ্বাচন আয়োগে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ২৮টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এনচিএইচএচিৰ নিৰ্বাচন পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব আৰু বিয়লি ৪ বজাত সমাপ্ত হ’ব ভোটগ্ৰহণ(NCHAC Election Dates Announced)।

অহা ৮ জানুৱাৰীৰ পুৱা ৮ টা বজাৰ পৰা বিয়লি ৪ টা বজালৈকে পৰিষদৰ ২৮ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব। তাৰ পিচত ১২ জানুৱাৰীৰ পৰা পুৱা ৮ টা বজাৰ পৰা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ২৮ টা সমষ্টিৰ বাবে ভোটগণনা আৰম্ভ হব(North Cachar Hills Autonomous Council Election Dates Announced)।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ভোটাৰ হৈছে ১ লাখ ৪২ হাজাৰ ১২৪ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৭০ হাজাৰ ৪৮৫ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৭০ হাজাৰ ৬৩৯ গৰাকী ৷ ইতিমধ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ২৮ টা সমষ্টিৰ বাবে ২৪ গৰাকী বিষয়াক দায়িত্ব দিয়া হৈছে ৷ এই নিৰ্বাচনৰ বাবে 280 টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব ৷ তাৰোপৰি নিৰ্বাচনী প্ৰচাৰত এগৰাকী প্ৰাৰ্থীয়ে ৪.২৫ লাখতকৈ অধিক ধন ব্যয় কৰিব নোৱাৰিব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে(North Cachar Hills Autonomous Council Elections Scheduled for Jan 8) ৷

ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২০২৩ চনৰ ২১ ডিচেম্বৰ আৰু প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২০২৩ চনৰ ২২ ডিচেম্বৰ। ২০২৪ চনৰ ১২ জানুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোট গণনা( North Cachar Hills Autonomous Council polls to be held on January 8)।

উল্লেখ্য যে, ২০২৪ চনৰ ১৯ জানুৱাৰীত বৰ্তমানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত ক্ষমতাত থকা বিজেপিৰ পৰিষদৰ ৫ বছৰৰ কাৰ্যকালৰ অন্ত পৰিব। ২০১৯ চনত এনচিএইচএচিৰ ২৮খন আসনৰ ভিতৰত ১৯খন আসনত বিজয়ী হৈছিল ভাৰতীয় জনতা পাৰ্টি। বিশেষকৈ অতি জনবসতিপূৰ্ণ হাফলং আৰু গৰাম্পানী সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছে ২ খন আসন লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদে ১ খন আসন লাভ কৰে। বাকী আসনসমূহ দাবী কৰিছিল বিজেপিৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে।

লগতে পঢ়ক : Jhankar Murder Case : ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন আৱেদনৰ শুনানি