Local, Vocal, Global

NON-VEG PIZZA যোগান দি ভৰিলে ১ কোটি টকাৰ জৰিমনা

 

এগৰাকী নিৰামিষভোজী মহিলাই উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এখন পিজ্জা ৰেষ্টুৰেণ্টৰ পৰা VEG PIZZA অৰ্ডাৰ কৰিছিল। মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ মতে তেওঁক দিয়া হৈছিল NON-VEG PIZZA। তাৰ পিছতেই ক্ষুব্ধ মহিলাগৰাকীয়ে গ্ৰাহক সেৱা আদালতত অভিযোগ দাখিল কৰে। মহিলাগৰাকীয়ে কয় যে তেওঁ ধৰ্মীয় বিশ্বাস, পাৰিবাৰিক পৰম্পৰা আৰু নিজৰ বিবেকেৰে এজন বিশুদ্ধ নিৰামিষ ভোজী। মহিলাগৰাকীৰ অভিযোগ মৰ্মে ৰেষ্টুৰেণ্টখনে ৩০ মিনিটৰ সময়সীমা বান্ধি দিয়াৰ পিছতো পলমকৈ পিজ্জা ডেলিভাৰী দিছিল। লগতে  ৰেষ্টুৰেণ্টখনে যোগান দিয়া NON VEG PIZZA খোৱাৰ পিছত তেওঁ তাত কাঁঠফুলাৰ পৰিৱৰ্তে মাংসৰ টুকুৰা অনুভৱ কৰিছিল।  ভুক্তভোগী মহিলাগৰাকীৰ মতে, লগতেই সমূহ পৰিয়ালবৰ্গৰ ধৰ্মীয় বিশ্বাসত আঘাত কৰে।

এই অভিযোগৰ পিছতেই ৰেষ্টুৰেণ্টখনে অভিযোগকাৰীৰ সমগ্ৰ পৰিয়ালকেই বিনামূলীয়া পিজ্জা প্ৰদান কৰাৰ প্ৰস্তাৱ দিছিল যদিও মহিলাগৰাকী সন্মত নহল । মহিলাগৰাকীৰ মতে উক্ত ঘটনাই তেওঁৰ ধৰ্মীয় বিশ্বাসত আঘাট হানিছে আৰু মানসিক ভাৱে ভাৰাক্ৰান্ত কৰি তুলিছে। গ্ৰাহক আদালতত ১ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি মহিলাগৰাকীয়ে এটা গোচৰ ৰুজু কৰিছে।