Local, Vocal, Global

বলিউদত খলকনি তুলিবলৈ এন্ট্ৰি কেটৰিণা কাইফৰ ভগ্নীৰ

শীঘ্ৰেই মুক্তি লাভ কৰিবলৈ গৈ আছে কেটৰিণা কাইফৰ ভগ্নীৰ প্ৰথমখন চলচ্চিত্ৰ ‘টাইম টু ডান্স’। ৰূপ লাস্যত কোনো গুণেই কম নহয় কেটৰিণা কাঈফৰ ভগ্নী ইজাবেল। আহিবলগীয়া চিনেমাখনৰ বাবে চিনেমাপ্ৰেমী সকলে এতিয়া অধীৰ আগ্ৰহৰে ৰৈ আছে। অলপতেই মুক্তি লাভ কৰা ছবি খনৰ ট্ৰেইলৰত ইজাবেল কাঈফক বেছ মোহময়ী ৰূপত দেখিবলৈ পোৱা গৈছে।

চিনেমা জগতত নিজৰ অভিজ্ঞতাৰ পৰা কেটৰিণা কাঈফে ভগ্নীলৈ এক বাৰ্তা প্ৰেৰণ কৰি কয় যে চিনেমাৰ পৰ্দাত জনপ্ৰিয় হবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। সেইবাবে তেওঁ ইজাবেলক কোনো কাৰণতেই লক্ষ্যৰ পৰা বিচ্যুত নহবলৈ পৰামৰ্শ দিয়ে। লগতে কেটৰিণাই কয় যে যিমানেই ভাল কাম নকৰক কিয় এশ শতাংশ মাণুহে পছন্দ কৰিব লাগিব বুলি কোনো কথা নাই। সমালোচনা হবই।

উল্লেখ্য যে বহু পূৰ্বেই চিনেমা খনে লাভ কৰাৰ খথা আছিল যদিও কৰণা সংক্ৰমণৰ বাবেই ছবি খনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে।