Local, Vocal, Global

Nitish Kumar reaction on beef ban:গো-মাংস নিষিদ্ধ সিদ্ধান্তই বিপদত পেলাব নেকি বিজেপিক!

নিউজ ডেস্ক,৭ডিচেম্বৰ: গো-মাংস নিষিদ্ধ সিদ্ধান্তই বিপদত পেলাব নেকি বিজেপিক।কিং মেকাৰ নীতিশ কুমাৰৰ দলে কৰিলে বিৰোধিতা ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই বিপদত পেলাব নেকি অসম বিজেপিক। শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত আটাইতকৈ চৰ্চা লাভ কৰা বিষয়টো হৈছে গো-মাংস ৷ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয় আৰু বিৰোধীৰ পৰাজয়ৰ পাছতে আৰম্ভ হৈছিল(Nitish Kumar reaction on beef ban)।

এই মঙহৰ ৰাজনীতি ।

সাংসদ ৰকিবুল হুছেইনৰ অভিযোগ বিজেপিয়ে চামগুৰিত গো-মাংস ভোজ-ভাত খুৱাই উপ-নিৰ্বাচনত জয়ী হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো তুলিছিল একেই অভিযোগ ৷ যাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰে ৷

বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰাই সংবাদমেল পাতি স্পষ্ট ভাষাৰে ঘোষণা কৰিলে অসমত ৰাজহুৱা স্থান আৰু হোটেল ৰেস্তোৰাত মুকলি ভাৱে বিক্ৰী বা ভক্ষণ কৰিব নোৱাৰিব গো মাংস। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই সমগ্ৰ অসমতে তোলপাৰ লাগি গল। বিভিন্ন দল সংগঠৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গল। কেৱল অসমতে নহয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো শিৰোনাম হৈ পৰিল। বহুতেই কৈছে মুখ্যমন্ত্ৰীয়ে ঝাকখণ্ডত মুখ ঠেকেচা খোৱাৰ পাছতেই পুনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চাত থকাৰ কাৰণে এনে সিদ্ধান্ত লব লগা হৈছে। নিজৰ লাজ লুকুৱাবলৈ এনে সিদ্ধান্ত লব লগা হৈছে মুখ্যমন্ত্ৰীয়ে । বিৰোধীৰ অভিযোগ মাত্ৰ এটা অভিযোগ হে আছিল।

মুখ্য়মন্ত্ৰীয়ে সেই অভিযোগক সময় বুজি ফুটাই দিলে গুলি । অসমত গো মাংস নিষিদ্ধ সিদ্ধান্তক লৈ JDU ৰ নেতাই ৰাজীৱ ৰঞ্জনে কয় ভাৰতৰ সংবিধানে সকলো নাগৰিকক অধিকাৰ দিছে কি পিন্ধিব,কি খাব,নিজৰ ইসৱ কেনেকৈ পালন কৰিব সেইয়া সম্পৰ্ণ নিজস্ব কথা। আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সুৰুক্ষা হে দিব লাগে.অসম চৰকাৰে লোৱা সিদ্ধান্তই সমাজক অধিক বেছি বিশৃংখল হে কৰিব।

পোন প্ৰথমবাৰৰ বাবে JDU চৰকাৰে বিজেপি শাসিত চৰকাৰৰ বিৰুদ্ধে মাত মতা দেখা গৈছে। JDUৰ নেতাৰ মন্তব্য়ৰ পাছতেই বহুতেই কৈছে মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্তই বিপদত পেলাব পাৰে বিজেপিক।

লগতে পঢ়ক :Parliament Winter Session: টকাৰ বাণ্ডেলক লৈ ৰাজ্যসভাত হাহাকাৰ