মই অৱসৰ ল’ম বুলি কোৱা নাছিলোঃ নীতিশ কুমাৰ

এয়াই মোৰ শেষ নিৰ্বাচন। বিহাৰৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে নীতিশ কুমাৰে কৰা মন্তব্যক লৈ চলিছিল ব্যাপক চৰ্চা। কিন্তু এনডিএৰ জয়লাভৰ পিছত আকৌ এবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’বলৈ আগবঢ়া নীতিশ কুমাৰে অস্বীকাৰ কৰিলে সেই মন্তব্য। নীতিশৰ মতে তেওঁ এয়াই শেষ নিৰ্বাচন বুলি কেতিয়াও কোৱা নাছিল। অদূৰ ভৱিষ্যতেও ৰাজনীতিৰ পৰা অৱসৰৰ কোনো পৰিকল্পনা নাই তেওঁৰ। তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে বুলিহে দাবী নীতিশ কুমাৰৰ।
অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰৰ অন্তিম দিনা নীতিশ কুমাৰে এখন সভাত কৈছিল ‘আজি নিৰ্বাচনৰ শেষ দিন, এয়াই মোৰ শেষ নিৰ্বাচন। শেষ ভাল হ’লে সকলো ভাল’৷ নীতিশৰ এই মন্তব্যক লৈয়ে চৰ্চা চলিছিল যে নীতিশ কুমাৰে অৱসৰৰ ইংগিতেই দিলে। ভোটাৰৰ সহানুভূতি আদায়ৰ বাবেও নীতিশ কুমাৰে এই মন্তব্য কৰা বুলি বহুতেই অভিযোগ কৰিছিল। কিন্তু সেই সময়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা নীতিশ কুমাৰে পৰৱৰ্তী চৰকাৰ এনডিএৰে হ’ব আৰু তেওঁৱেই মুখ্যমন্ত্ৰী পদত বাহাল থাকিব বুলি বিহাৰৰ জনতাই ৰায় দিয়াৰ পিছত সুৰ সলাই নীতিশে সংবাদ মাধ্যমক ক’লে- ‘এবাৰৰ বাবেও অৱসৰৰ কথা কোৱা নাছিলো। প্ৰত্যেক নিৰ্বাচনৰ শেষ প্ৰচাৰ সভাত সদায় এই কথাই কৈ আহিছো যে শেষ ভালেই সকলো ভাল। মোৰ বক্তৃতা ভালদৰে শুনিলেই বিষয়টো স্পষ্ট হৈ পৰিব।’