ৰাহুল গান্ধীৰ যোগ্যতাকলৈ প্ৰশ্ন ওবামাৰ

নিউয়ৰ্ক টাইমচৰ এক প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই লিখি উলিয়াইছে ‘এ প্ৰমিছ লেণ্ড’ (A PROMISED LAND)নামেৰে এখন আত্মজীৱনীমূলক গ্ৰন্থ। এই গ্ৰন্থত তেওঁ আমেৰিকাৰ লগতে বিভিন্ন দেশৰ তথা বিশ্বৰ কেইবাজনো ৰাজনৈতিক নেতাৰ বিষয়ে লিখিছে।
প্ৰকাশিত কিতাপখন ৰাজনৈতিক সংস্কৰন বুলি জানিবলৈ দিয়ে নিউয়ৰ্ক টাইমছে । এই কিতাপখনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকাৰ লগতে বিভিন্ন দেশৰ বহু নেতাৰ কথা উল্লেখ কৰিছে । ভাৰতৰ ৰাহুল গান্ধী,ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ আৰু কংগ্ৰেজৰ অধক্ষ্যা ছোনিয়া গান্ধীৰ কথাও লিখিছে। বাৰাক ওবামাই কিতাপখনত ৰাহুল গান্ধীৰ বিষয়ে লিখিছে -”ৰাহুল গান্ধী এজন নাৰ্ভাচ নেতা আৰু তেওঁ কম যোগ্যতাসম্পন্ন”। বাৰাক ওবামাৰ এই সংস্কৰন খম ৭৬৮ পৃষ্ঠাৰ। অহা ১৭ নৱেম্বৰত কিতাপখন বজাৰত উপলব্ধ হ’ব। বাৰাক ওবামাই তেওঁৰ কাৰ্য্যকাল সময়ত ২০১০ আৰু ২০১৫ ত ভাৰতলৈ আহিছিল।
নিউয়ৰ্ক টাইমত প্ৰকাশিত অনুসৰি কিতাপ খনত ৰাহুল গান্ধীৰ বিষয়ে লিখা আছে যে- ” তেওঁ এজন এনেকুৱা শিক্ষাৰ্থী যিয়ে নিজৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে আৰু শিক্ষকক মুগ্ধ কৰিবলৈ সচেষ্ট কিন্তু বিষয়বোৰ আয়ত্ত কৰাৰ বাবে হয় তেওঁৰ যোগ্যতা নাই বা চেষ্টা নাই ।”
আনহাতে প্ৰধান মন্ত্ৰী মনোমোহন সিঙৰ বিষয়ে লিখিছে – ”এনে লাগে যে প্ৰতিৰক্ষা সচিব বব গেটছ আৰু ভাৰতীয় প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ মাজত যথেষ্ট মিল আছে।”
প্ৰধান মন্ত্ৰী মনোমোহন সিঙৰ বিষয়ে নিউয়ৰ্ক টাইমত প্ৰকাশিত অনুসৰি কিতাপ খনত লিখা আছে যে “এনে লাগে যে প্ৰতিৰক্ষা সচিব বব গেটছ আৰু ভাৰতীয় প্ৰধান মন্ত্ৰী মনোমোহন সিঙৰ মাজত যথেষ্ট একতা আছে।”