NIRF Rankings 2023: ৰেংকিঙৰ শীৰ্ষত আই আই টি মাদ্ৰাজ ; নৱম স্থানত আই আই টি গুৱাহাটী

নতুন দিল্লী, ৫ জুন: সোমবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এনআইআৰএফ(National Institute Ranking Framework) ৰেংকিঙৰ 2023 বৰ্যৰ অষ্টম সংস্কৰণত আই আই টি মাদ্ৰাজে সামগ্ৰিক উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে (India Rankings 2023) ।
এই বাৰ্তা লাভ কৰি আইআইটি মাদ্ৰাজৰ সঞ্চালক অধ্যাপক ভি কামাকোটিয়ে অপৰিসীম আনন্দ পোৱা বুলি উল্লেখ কৰি কয়, “কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে পৰিচালনা কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ৰেংকিং ফ্ৰেমৱৰ্ক ২০২৩ৰ সামগ্ৰিক আৰু অভিযান্ত্ৰিক শ্ৰেণীত আইআইটি মাদ্ৰাজে পুনৰ শীৰ্ষস্থান লাভ কৰাৰ খবৰটোৱে আমাক বহুখিনি উৎসাহ প্ৰদান কৰিছে । আইআইটি মাদ্ৰাজক স্থানীয়ভাৱে প্ৰাসংগিক আৰু বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ আমি সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাম ।”
শিক্ষা মন্ত্ৰালয়ৰ India Rankings 2023-ত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আইআইটি মাদ্ৰাজ (Indian Institute of Technology Madras) উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শীৰ্ষত আছে; তাৰোপৰি ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বেংগালুৰু (IISc Bengaluru) আৰু আইআইটি-দিল্লী ৯ (IIT-Delhi)য়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ।

আনহাতে আই আই টি গুৱাহাটী(IIT Guwahati)য়ে এইবাৰো শীৰ্ষ দহটা স্থানৰ ভিতৰত নিজৰ স্থান বজাই ৰাখিবলৈ সক্ষম হয় ।, এই বছৰ অভিযান্ত্ৰিক শিতানত সপ্তম স্থান অৰ্জন কৰাৰ বিপৰীতে প্ৰতিষ্ঠানখনে সামগ্ৰিক আৰু ‘গৱেষণা এই দুয়োটা শিতানত নৱম স্থান অৰ্জন কৰিছে ।

বিশ্ববিদ্যালয়ৰ শিতানত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰু (Institute of Science Bengaluru) উচ্চ শিক্ষানুষ্ঠানৰ ৰেংকিঙত শীৰ্ষ বিশ্ববিদ্যালয় হিচাপে নিৰ্বাচিত হয়; জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ৯Jawaharlal Nehru University) আৰু দিল্লীৰ পৰা জামিয়া মিলিয়া ইছলামিয়া(Jamia Millia Islamia)ই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে।

ইণ্ডিয়া ৰেংকিং ২০২৩ অনুসৰি দেশৰ শীৰ্ষ ১০ খন মহাবিদ্যালয়ৰ ভিতৰত নতুন দিল্লীৰ মিৰাণ্ডা হাউছক শীৰ্ষ মহাবিদ্যালয় আৰু নতুন দিল্লীৰ হিন্দু কলেজ আৰু চেন্নাইৰ প্ৰেচিডেন্সি কলেজক তৃতীয় স্থানত ৰখা হৈছে ।
অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ শিতানত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান-মাদ্ৰাছে শীৰ্ষ প্ৰতিষ্ঠান হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান-দিল্লী আৰু বোম্বাইয়ে দেশৰ ভিতৰতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

এন আই আৰ এফৰ ৰেংকিং অনুসৰি, “মেনেজমেণ্ট কেটেগৰীত আই আই এম আহমেদাবাদে প্ৰথম স্থান লাভ (IIM Ahmedabad ranked first) কৰাৰ বিপৰীতে আই আই এম বেংগালুৰু আৰু কোজিকোডে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ।”
চিকিৎসা বিজ্ঞানৰ শিতানত শীৰ্ষত থকা তিনিখন শিক্ষানুষ্ঠান হৈছে, দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (All India Institute of Medical Sciences), চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (Post Graduate Institute of Medical Education and Research Chandigarh) আৰু ভেল্লোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ (Christian Medical College, Vellore)।
দেশৰ শীৰ্ষ তিনিখন আইন শিক্ষাৰ প্ৰতিষ্ঠান হ’ল বেংগালুৰুৰ নেশ্যনেল ল স্কুল অৱ ইণ্ডিয়া বিশ্ববিদ্যালয় (National Law School of India University), নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় (National Law University, New Delhi) আৰু হায়দৰাবাদৰ নলছাৰ আইন বিশ্ববিদ্যালয় (Nalsar University of Law, Hyderabad)।
সোমবাৰে নতুন দিল্লীত এই ৰেংকিং তালিকাখন প্ৰকাশ কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে (Union Education Minister Dharmendra Pradhan) ।
লগতে পঢ়ক : Wrestlers protest : মল্লযুঁজাৰুৰ প্ৰতিবাদৰ পৰা আঁতৰি আহিল নেকি সাক্ষী মালিক ?