Local, Vocal, Global

Tension at Assam Arunachal border: অৰুণাচলী দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিলে দুজন অসমীয়াক, আহত দুজন

অৰুণাচলী দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিলে দুজন অসমীয়াক, আহত দুজন

ধেমাজি, 5 জুন : সোমবাৰে ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰৰ পাণবাৰীত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ অৰুণাচলী দুৰ্বৃত্তই কৰা গুলীচালনাত নিহত হৈছে দুজনকৈ অসমীয়া লোক ৷ নিহত লোক দুজনৰ নাম ক্ৰমে বগা চেতিয়া আৰু মন্টু গগৈ বুলি দানিব পৰা গৈছে ৷ ৰাজ্য দুখনৰ সীমান্তৱৰ্তী ভূমিত গছপুলি ৰোপন কৰাক কেন্দ্ৰ কৰি পানবাৰী অঞ্চলটোত অসমীয়া আৰু অৰুণাচলী লোকৰ দুটা ফৈদৰ মাজত প্ৰথমে বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ এই ঘটনাই পৰৱৰ্তী সময়ত সংঘাতৰ ৰূপ লয় (Assam Arunachal Border Clash) ।

ইয়াৰ পিছতে অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে অসমৰ লোককেইজনৰ ওপৰত আক্ৰমণ চলায় ৷ আক্ৰমণত অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে কৰা গুলীচালনাত দুজন অসমীয়া লোক গুলীবিদ্ধ হয় ৷ তাৰোপৰি দুৰ্বৃত্তৰ দলটোৱে কৰা চোকা অস্ত্ৰৰ আক্ৰমণত আহত হয় পুষ্প গগৈ আৰু অকনি গোঁহাই নামৰ আন দুজন লোক (Arunachali miscreants killed Assamese people) ৷

সীমান্তত সংঘাত, দুৰ্বৃত্তৰ গুলিত দুজন অসমীয়া নিহত

৫ জুনৰ বিশ্ব পৰিবেশ দিৱস উপলক্ষে জয়ৰামপুৰ পাণবাৰীৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোত গছপুলি ৰোপন কৰিছিল অসমৰ লোককেইজনে ৷ জয়ৰামপুৰ পাণবাৰী সীমান্তৱৰ্তী ভূমি সুৰক্ষা সমিতি নামৰ সংগঠনটোৰ উদ্যোগত গছপুলি ৰোপনৰ উদ্দেশ্যে সেই স্থানলৈ গৈছিল লোককেইজন ; কিন্তু সেই সময়তে অৰুণাচলী লোকৰ এটা দল সেই স্থানত উপস্থিত হৈ গছপুলি ৰোপনত হকা-বাধা কৰে ৷ ফলত দুয়োটা দলৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ (Firing at Assam Arunachal border) ৷ অসমৰ ভূমিক অৰুণাচলৰ বুলি দাবী কৰি অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে গছপুলি ৰোপনত অসমৰ অসমীয়া লোককেইজনক বাধা প্ৰদান কৰে ৷ কিন্তু অসমৰ লোক কেইজনেও উভতি ধৰাত এই সংঘাতৰ সৃষ্টি হয় আৰু পৰিণতিত অসমৰ দুজনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হয় ৷ আহত লোক দুজনক ইতিমধ্যে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Two killed in Assam Arunachal border) ৷

সীমান্তত সংঘাত, দুৰ্বৃত্তৰ গুলিত দুজন অসমীয়া নিহত

উল্লেখ্য যে, অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বহুকেইটা অঞ্চলত দুয়োখন ৰাজ্যৰ সীমাক লৈ দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে ৷ দুয়োখন ৰাজ্যৰ চৰকাৰে সংঘাত মীমাংসাৰ বাবে চুক্তি সম্পাদন কৰিছে যদিও বৰ্তমানলৈকে এই সমস্যাৰ সমাধান হোৱা নাই (Assam Arunachal border conflict) ৷ বিভিন্ন সময়ত একাংশ অৰুণাচলী লোকে অসমৰ মানুহক সীমান্তত ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে আক্ৰমণ কৰাৰ বাতৰিও সঘনাই লাভ কৰা হয় ৷

সোমবাৰৰ এই আক্ৰমণৰ ঘটনাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, বৰ্তমানেও সীমা অংকন কৰা হোৱা নাই ৷ চুবুৰীয়া ৰাজ্যৰ লোকে সাধাৰণতে অসমৰ ওপৰত আক্ৰমণ নকৰে যদিও ভূমিৰ লোভত একাংশ লোকে এইদৰে আক্ৰমণ বা সন্ত্ৰাসৰ সৃষ্টি কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ধেমাজিৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰিছে (Tension at Assam-Arunachal border) ৷ এই নিৰ্দেশনাৰ পিছতেই ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ লগতে জিলাখনৰ শীৰ্ষ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷ লগতে অৰুণাচল আৰক্ষীৰ সৈতেও এই বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Firing in Assam Aruanchal border: অসম-অৰুণাচল সীমান্তত গুলীচালনা