Local, Vocal, Global

Wrestlers protest : মল্লযুঁজাৰুৰ প্ৰতিবাদৰ পৰা আঁতৰি আহিল নেকি সাক্ষী মালিক ?

নেশ্যনেল ডেস্ক, ৫ জুন : মল্লযোদ্ধাক লৈ একাংশই কৰিছে ভুৱা প্ৰচাৰ । বিভিন্ন সংবাদ মাধ্যমত এক খবৰ প্ৰকাশ পাইছে যে তাৰকা মল্লযুঁজাৰু সাক্ষী মালিকে প্ৰতিবাদৰ পৰা আঁতৰি কৰ্মক্ষেত্ৰলৈ ৰাওনা হৈছে।

কিন্তু এই খবৰ ভুৱা বুলি কলে সাক্ষী মালিকে (Sakshi Malik)। টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰি তেওঁ কয় যে, ”এই খবৰ ভুৱা। ন্য়ায়ৰ যুঁজ খনত আমি এতিয়ালৈ পিছলৈ অহা নাই আৰু নাহো। ৰে’লৱেত নিজৰ কৰ্তব্যও পালন কৰি আছো । ন্যায় নোপোৱা পৰ্যন্ত যুঁজ দি যাম । অনুগ্ৰহ কৰি ভুৱা প্ৰচাৰ নকৰিব”।সাক্ষী মালিকে স্পষ্ট কৰি দিছে যে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ পৰা আঁতৰি অহা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিবোৰ ভুৱা । বজৰং পুনিয়াৰ সৈতে তেওঁ প্ৰতিবাদৰ পৰা আঁতৰি অহা বুলি কেইবাটাও বাতৰি প্ৰকাশ পোৱাৰ পিছতে এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, এমাহতকৈ অধিক কাল ধৰি মল্লযোদ্ধাসকলে দিল্লীত প্ৰতিবাদ কৰি আহিছে। ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে প্ৰতিবাদকাৰী সকলে।

ইণ্ডিয়াৰ মল্লযুঁজাৰু ফেডাৰেচনৰ মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলৰ প্রতিবাদৰ নেতৃত্ব দিয়া সাক্ষী মালিকৰ বাতৰিয়ে সোমবাৰে প্রতিবাদৰ পৰা আঁতৰি আহি উত্তৰ ৰে’লৱেত নিজৰ স্থানত যোগদান কৰে ৷

ইয়াৰ মাজতে শনিবাৰে নিশা প্ৰতিবাদী মল্লযুঁজাৰুসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাত্‍ কৰে। গৃহমন্ত্ৰীগৰাকীৰ বাসগৃহত শনিবাৰে মাজ নিশালৈকে অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বজৰং, সাক্ষীকে ধৰি চাৰিগৰাকী মল্লযুঁজাৰু অমিত শ্বাহৰ বাসগৃহলৈ যায় । তাৰ পাছতে আজি সাক্ষী মালিকে প্ৰতিবাদ প্ৰত্য়াহাৰ কৰা বুলি ভুৱা প্ৰচাৰ হৈছিল বিভিন্ন ক্ষেত্ৰত।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰতৰ শীৰ্ষ মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি ব্রিজ ভূষণ সিঙক মুখ্য কাৰ্যালয়ৰ পৰা অপসাৰণ কৰি WFI ভংগ কৰাৰ দাবী জনাইছিল (Brij Bhushan Sharan Singh) । মল্লযুঁজাৰুৰ সৈতে যৌন নিৰ্যাতন আৰু দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছিল (Sexual Assault) । নতুন দিল্লীৰ কন’ট প্লেচ থানাত ভূষণৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল ৭ গৰাকী মহিলা মল্লযুঁজাৰুৱে ।

পিছলৈ পুনৰ এপ্ৰিল মাহত তেওঁলোকে ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়া (WFI)ৰ সভাপতি ব্রিজ ভূষণ সিংক যৌন নিৰ্যাতনৰ গোচৰৰ সৈতে জড়িত কৰি গ্ৰেপ্তাৰ কৰাৰ দাবীত পুনৰ প্ৰতিবাদ আৰম্ভ কৰে ।

লগতে পঢ়ক : Firing in Assam Aruanchal border: অসম-অৰুণাচল সীমান্তত গুলীচালনা